তেজপুৰৰ বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিৰ “কালচাৰেল এক্সিলেন্স এৱাৰ্ড” প্ৰদান

"অনুৰ", "কেকটাছ", "কানীন"ৰ প্ৰযোজকলৈ সন্মান

0 35

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৮ মে’ঃ তেজপুৰৰ বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে কালি তেজপুৰৰ চিকিৎসা সন্হাৰ কাৰ্যালয়ত “কালচাৰেল এক্সিলেন্স এৱাৰ্ড” প্ৰদান কৰে। উল্লেখ্য যে, এজন শল্য বিশেষজ্ঞ হিচাপে দীৰ্ঘদিন ধৰি তেজপুৰত চিকিৎসা সেৱা আগবঢ়াই অহা আৰু জিলা মহকুমা চিকিৎসা বিষয়া হিচাপে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা সৰবৰহী চিকিৎসক ডাঃ দাসে সহধৰ্মিনী বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমৰ সৈতে “জে বি প্ৰডাকচন” নামৰ এক নাট্যানুষ্ঠান গঢ়ি তুলি নিজ বাসগৃহতে নাটকৰ এক আখৰা গৃহ নিৰ্মাণ কৰি দীৰ্ঘদিনীয়া এক সুস্থ নাট্য পৰম্পৰা অব্যাহত ৰাখিছে। জে বি প্ৰডাকচনৰ নিজে সভাপতিৰ দায়িত্বত থাকি ডাঃ দাসে বহুকেইখন নাটক প্ৰয়োজনা কৰা উপৰি “কেকটাছ”, “কানীন”, “অনুৰ”ৰ দৰে বহুল সমাদৃত চিনেমাও প্ৰয়োজনা কৰি চিকিৎসা বৃত্তিৰ মাজতো সামাজিক – সংস্কৃতিক দায়ৱদ্ধতাৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ বাবেই ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে প্ৰবীণ চিকিৎসক গৰাকীক এই বঁটাৰে বিভূষিত কৰে। যোৱা ৮ এপ্ৰিলত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিৰ অধিৱেশনত বিশেষ অসুবিধাবশত: উপস্থিত থাকিব নোৱাৰা ডাঃ গোপেন্দ্ৰ মোহন দাসক কালি অসম ৰাজ্যিক সমিতিৰ সম্পাদক ডাঃ অতুল কলিতাৰ লগতে তেজপুৰ শাখাৰ সম্পাদক ডাঃ কুইন গগৈয়ে আনুষ্ঠানিকভাৱে এই “কালচাৰেল এক্সিলেন্স এৱাৰ্ড” প্ৰদান কৰে ।সহধৰ্মিনী তথা বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমৰ লগতে বিশিষ্ট চিকিৎসক ডাঃ এফ আৰ চৌধুৰী, ডাঃ সুৰেণ গগৈ, ডাঃ হেমেন্দ্ৰ কুমাৰ বৰা আদিৰ উপস্থিতিত এই বঁটা গ্ৰহণ কৰি ডাঃ গোপেন্দ্ৰ মোহন দাসে ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More