তেজপুৰৰ বিশিষ্ট ফৰাচী ভাষাতত্ববিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ ভিজিটিং ফেল’ চাইফুদ্দিন আহমেদৰ পৰলোকপ্ৰাপ্তি

পতাকা অৰ্ধনমিত কৰি তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ শোক প্ৰকাশ

0 24

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ আগষ্ট : তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ ভিজিটিং ফেল’ তথা তেজপুৰৰ লগতে ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, তেজপুৰ চহৰৰ ঈদগাহ ময়দান (চিত্ৰবন বাকৰি)ৰ সন্মুখ নিবাসী চাইফুদ্দিন আহমেদৰ কালি গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে তেজপুৰত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, ফৰাচী ভাষাৰ প্ৰচুৰ ব্যুৎপত্তি থকা নিৰব সাধক গৰাকীৰ কিছুদিন ধৰি শাৰীৰিক ভাবে অসুস্থ হৈ থকাৰ পিছত পৰহি পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিছিল যদিও কালি চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰে। ২০০৭ চনত তেজপুৰ বিশ্ববিদ্যালয়ত ফৰাচী ভাষাৰ ভিজিটিং ফেল’ হিচাপে যোগদান কৰাৰ পিছত বৰ্তমান সময়লৈকে উক্ত বিভাগৰ শিক্ষাৰ্থী সকলক গৱেষণালব্ধ পাঠদানেৰে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা শিক্ষাবিদ গৰাকীয়ে কোনো ধৰণৰ প্ৰচাৰ আদিৰ পৰা সততে আঁতৰি থাকি কেৱল গৱেষণালব্ধ প্ৰয়াসেৰে পাঠদান অব্যাহত ৰাখিছিল।বিশ্ববিদ্যালয়খনৰ তদানীন্তন ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° মদন শৰ্মাৰ জৰিয়তে বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ ভিজিটিং ফেল’ হিচাপে যোগদান কৰাৰ পিছতেই নিজেই উক্ত বিভাগৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল আৰু প্ৰথমেই উক্ত পাঠ্যক্ৰমৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষকে ফৰাচী ভাষা আয়ত্ব কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতেই শিক্ষাৰ্থী সকলৰ সেই ভাষাৰ প্ৰতি যথেষ্ট আগ্ৰহ বৃদ্ধি পাই আৰু শিক্ষাৰ্থীৰ বাবে পাঠদান আৰম্ভ হোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ আৱশ্যকীয় পাঠ্যক্ৰম হিচাপে পৰিগণিত হয়। একেখিনি সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰো ফৰাচী ভাষা বিভাগৰ অতিথি অধ্যাপক হিচাপে জড়িত থকা ভাষাতত্ববিদ গৰাকীয়ে বিভিন্ন প্ৰতিষ্ঠান আৰু শৈক্ষিক অনুষ্ঠানত ফৰাচী ভাষাৰ পৰা ইংৰাজীলৈ এগৰাকী দক্ষ অনুবাদক ৰূপেও নিজকে নিয়োজিত কৰি ৰাখিছিল। ১৯৫৮ চনৰ পহিলা ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা আৰু ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দি অহা ফৰাচী ভাষাতত্ববিদ গৰাকীয়ে নগাঁৱত হাইস্কুলীয়া শিক্ষা সমাপন কৰাৰ পিছত গুৱাহাটীৰ আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ১৯৮৪ চনত ছুইজাৰলেণ্ডৰ জেনেভাত ইন্টাৰনেশ্যনেল কমিউনিকেশ্বন ষ্টাডীত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়নত মনোনিবেশ কৰে। ছাত্ৰ অৱস্থাত সংগীতৰ প্ৰতি অনুৰক্ত শিক্ষাবিদ গৰাকী এসময়ৰ এগৰাকী দক্ষ গীটাৰ বাদক আছিল আৰু গায়ক হিচাপেও সুনাম অৰ্জন কৰিছিল। আনহাতে ছুইজাৰলেণ্ডৰ পিছতেই ফ্ৰান্সৰ পেৰিছৰ চৰ্বন বিশ্ববিদ্যালয়ত পি এইচ ডি ৰ বাবে নামভৰ্ত্তি কৰাৰ সময়তেই ফৰাচী ভাষাত যথেষ্ট ব্যুৎপত্তি লাভ কৰে আৰু বিভিন্ন বিদেশী শৈক্ষিক আৰু অনা শৈক্ষিক অনুষ্ঠানত অস্হায়ী ভাবে নিয়োজিত হয়। সুদীৰ্ঘ ১২ বছৰ কাল ফ্ৰান্সতে কটাই নিজ দেশলৈ উভতি অহা শিক্ষাবিদ গৰাকীয়ে ২০০৭ চনত তেজপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পৰা বৰ্তমানলৈকে বিশ্ববিদ্যালয়খনত পাঠদান কৰি আহিছিল। আজি গুৱাহাটীৰ পৰা নশ্বৰ দেহ তেজপুৰৰ বাসগৃহ আহি পোৱাৰ পিছতে তেজপুৰ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক মুকেশ শইকীয়াৰ নেতৃত্বত একাংশ কৰ্মচাৰী আহি বাসগৃহতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত জাৰ্মানী নিবাসী অৱসৰপ্ৰাপ্ত বিশিষ্ট অধ্যাপক তথা লেখক জ্যেষ্ঠ ভাতৃ ড° চেলিম এম আলী সহ দুগৰাকী ভাতৃ, চাৰিগৰাকী বিবাহিত ভগ্নীকে ধৰি অসংখ্য গুণমুগ্ধক এৰি থৈ যোৱা শিক্ষাবিদ গৰাকীৰ প্ৰতি সন্মান জনাই আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ পতাকা অৰ্ধনমিত কৰি শোক প্ৰকাশ কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° বীৰেণ দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাকে ধৰি বিভিন্ন গৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত উপাচাৰ্য ড° মদন শৰ্মাই চৈফুদ্দিন আহমেদৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰি অসমে এগৰাকী ফৰাচী ভাষাত প্ৰচুৰ ব্যুৎপত্তি থকা লোকক হেৰুৱালে বুলি মন্তব্য কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More