তেজপুৰৰ বিষ্ণুজ্যোতি সোঁৱৰণী ফুটবলৰ খিতাপ অৰ্জন নগাঁৱৰ সঞ্জীৱন সমাজৰ

0 46

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৩৫সংখ্যক জ্যোতিবিষ্ণু ফুটবল প্ৰতিযোগিতাখনৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ চূড়ান্ত খেলখনত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায়ত সঞ্জীৱনে কেৰালাৰ লুক্কা চকাৰ এফ চিক ৪-৩গলৰ ব্যৱধানত পৰাভূত কৰি চূড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷ চাৰি সহস্ৰাধিক দৰ্শকৰ তুমুল উৎসাহৰ মাজত দুয়োটা দলেই পৰস্পৰৰ বিৰুদ্ধে বহুকেইটা সুযোগ সৃষ্টি কৰিছিল যদিও এটাও সুযোগ গললৈ পৰিণত কৰিব নোৱাৰিলে৷ দুয়োটা দলে নিৰ্দ্ধাৰিত সময়ত খেলখন গল শূন্য ভাবে সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ সহায় লোৱা হয়৷ উল্লেখযোগ্য যে আজিৰ চূড়ান্ত খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান সঞ্জীৱন সমাজৰ চন্দ্ৰ বসুমতাৰীয়ে অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লুক্কা চকাৰৰ যশোৱাই, শ্ৰেষ্ঠ গলৰক্ষকৰ সন্মান সঞ্জীৱন সমাজৰ ৰোহিত ৰাজে লাভ কৰাৰ বিপৰীতে কেৰালাৰ লুক্কা চকাৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰে৷ বিজয়ী দলে নগদ ৫০হেজাৰ টকা সহ ট্ৰফী আৰু বিজিত দলে নগদ ৩০হেজাৰ টকা সহ ট্ৰফী লাভ কৰে৷ আজিৰ চূড়ান্ত খেলখনত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ,সম্পাদক জিতেন বৰা ,বিধায়ক তথা পূব শোণিতপুৰ ক্ৰীড়া সন্হাৰ সভাপতি তথা বিধায়ক পৃথ্বিৰাজ ৰাভা, অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেণ দাস, অসম অলিম্পিক সন্হাৰ উপসভাপতি ঋতুবৰণ শৰ্মা, দীপক শইকীয়া, শ্বেইখ ছাহাবুদ্দিন, মনোজ মিৰ্ধা, মতিলাল চিপানী আদি বহুকেজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More