তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী

0 13

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪ অক্টোবৰঃ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিত যোৱা নিশা প্ৰায় ১১-৩০বজাত তিনিটা বনৰীয়া হাতীৰ আৱিৰ্ভাৱে অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তোলে৷ বিহগুৰিৰ কমাৰচুবুৰী আৰু পিঠাখোৱা অঞ্চলত প্ৰবেশ কৰে হাতী তিনিটাই৷ পিঠাখোৱা বৰনামঘৰ সংযোগী পথৰে প্ৰৱেশ কৰা হাতী তিনিটাই স্হানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফেঞ্চিং বেকা কৰি অতিক্ৰম কৰাৰ পিছতে দুটা আৰিমৰা চাপৰিৰ দিশে আৰু আন এটা আন দিশে গতি কৰে৷ইয়াৰ উপৰি হাতী তিনিটাই অঞ্চলটোৰ এটা পৰিয়ালৰ ঘৰৰ চৌহদৰ এখন পকী দেৱালৰ এচোৱা ভাঙে৷ উল্লেখযোগ্য যে,সোণাইৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা মুঠ ১১টা হাতীৰ মাজৰ তিনিটা হাতী পৃথকে বিভিন্ন অঞ্চলত বিচৰণ কৰিছে আৰু এই তিনিটা হাতীয়েই যোৱানিশা পিঠাখোৱা অঞ্চলত প্ৰৱেশ কৰা বুলি প্ৰকাশ কৰিছে বন বিভাগৰ সূত্ৰই৷উল্লেখযোগ্য যে,প্ৰতিবছৰেই শীতকালত বন্যহস্তীৰ জাক আৰিমৰা চাপৰিলৈকে আহে আৰু এই সময়ত বিহগুৰিকে ধৰি কাষৰীয়া বিভিন্ন স্হানত উপদ্ৰৱ চলায়৷ ইপিনে যোৱা নিশা পিঠাখোৱাত প্ৰৱেশ কৰা হাতী তিনিটা সম্প্ৰতি বাঁহবাৰী অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে বন বিভাগৰ সূত্ৰই৷ উল্লেখযোগ্য যে,দুদিন পূৰ্বে বিহগুৰিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত এজন যুৱক গুৰুতৰ ভাবে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More