তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জানুৱাৰী: তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বিহগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে৷ এই অঞ্চলসমূহত পকাধান ভক্ষণ কৰাৰ পাছত বনৰীয়া হাতীয়ে নিশা চাপৰিত শ শ বিঘাৰ ৰঙালাও,আলু আৰু সৰিয়হ বিলাহী খেতি তহিলং কৰিছে৷ ইতিমধ্যে বনবিভাগে ইয়াত দীৰ্ঘদিন উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ বৃহৎ জাকটো আৰিমৰা চাপৰি অঞ্চলৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয় যদিও সম্প্ৰতি জাকটোৰ পৰা ফালৰি কাটি চাপৰিটোত ৰৈ যোৱা এটা অকলশৰীয়া হাতীয়ে বিহগুৰিত উপদ্ৰৱ অব্যাহত ৰাখিছে৷ হাতীটোৱে দুদিন পূৰ্বে ঝাৰণিত কৃষকৰ দুটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আলু, ৰঙালাও আৰু বিলাহী খেতি নষ্ট কৰে৷ একেটা হাতীয়েই বিহগুৰিৰ আন বাসগৃহৰো ক্ষতি সাধন কৰা বুলি প্ৰকাশ কৰিছে ৰাইজে ৷ বিশেষকৈ চাপৰি অঞ্চলৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলত অকলশৰীয়া বনৰীয়া হাতীটো সৰ্বসাধাৰণৰ বাবে আতংকৰ কাৰণ হৈ উঠিছে৷ নিশা নিশব্দে আহি মানুহৰ ঘৰদুৱাৰ ভাঙি খাদ্যৰ সন্ধান কৰা এই হাতীটো ফটকা ফুটালেও আঁতৰি নাযায় বুলি প্ৰকাশ কৰি ক্ষতিগ্ৰস্ত কৃষকে কয় যে,হাতীটোৰ ভয়ত কৃষক সকলে নিশা শুব নোৱৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ অকলশৰীয়া হাতীটোক তাৰ প্ৰকৃত আৱাসস্থলীলৈ উভটাই পঠোৱাৰ বাবে বনবিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰি ক্ষোভিত কৃষক সকলে কয় যে,হাতীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা কৃষকৰ খবৰ বনবিভাগে বৰ্তমান লোৱা নাই আৰু ক্ষয়ক্ষতিৰ বিষয়েও কোনো জৰীপ চলোৱা নাই৷ ইপিনে বিহগুৰি আৰু আৰিমৰা চাপৰিৰ লগতে বিহগুৰি,বিন্দুকুৰি তথা পখীয়াঝাৰ আদি অঞ্চলৰ লগতে ৰঙাপৰাৰ ৰূপাজুলি,আহাবাৰী,নিউঘগৰা,ফুলবাৰী আদি সকলো চাহবাগিচাৰ উপৰি চাৰিদুৱাৰৰ বিভিন্ন অঞ্চলত সম্প্ৰতি বনৰীয়া হাতীৰ জাকে সন্ধিয়া হ’লেই উপদ্ৰৱ চলোৱাৰ সময়ত বনকৰ্মীৰ তাকৰীয়া সংখ্যাই অধিক সমস্যাৰ উদ্ভৱ কৰিছে৷ তদুপৰি বনৰীয়া হাতীৰ স’তে মোকাবিলা কৰিব পৰাকৈ অভিজ্ঞ বনকৰ্মী আৰু ঘৰচীয়া হাতীৰ অভাবে এই সমস্যা অধিক বৃদ্ধি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More