তেজপুৰৰ বিহগুৰিত মৃৎ শিল্পীৰ ব্যস্ততা

0 30

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩ছেপ্টেম্বৰ: বৰ্তমান আৰম্ভ হৈছে পূজাৰ পৰিৱেশ৷ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত আৰু মাত্ৰ তিনিটা দিন৷ একে সময়তে অনুষ্ঠিত হ’ব মনসা পূজাও৷ ইয়াৰ মাত্ৰ এটা পষেকৰ পাছতেই উলহমালহেৰে অনুষ্ঠিত হ’ব দশভূজা দুৰ্গা পূজা৷এনে অৱস্হাত সম্প্ৰতি প্ৰতিমা সজা খনিকৰ সকল অতি ব্যস্ত হৈ পৰিছে৷তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহগুৰি মেকনৰ চুবুৰীৰ মৃৎশিল্পী টংকেশ্বৰ কলিতাও ব্যস্ত প্ৰতিমা সজা কামত৷IMG 20220913 WA0064সহযোগী কাৰিকৰ সকলক লগত লৈ এইজন শিল্পীয়ে সাজি গৈছে বিশ্বকৰ্মা,মনসা আৰু দশভূজাৰ মৃন্ময় প্ৰতিমা৷ইয়াৰ পূৰ্বে ভালেসংখ্যক গণেশ মূৰ্ত্তিও সাজিছিল তেওঁ৷একাধিক মনসা মূৰ্ত্তিত ৰং সনাৰ বিপৰীতে আজি নিশাৰ পৰা বিশ্বকৰ্মাৰ প্ৰতিমা সমূহত তেওঁ ৰং বোলাই সম্পূৰ্ণ কৰিব৷সমান্তৰাল ভাবে তেওঁ সাজি গৈছে দুৰ্গা প্ৰতিমাসমূহ৷উল্লেখযোগ্য যে ভালেসংখ্যক বিশ্বকৰ্মা প্ৰতিমা সজা প্ৰবীন শিল্পী জনে এইবাৰ মহিষাসুৰমৰ্দিনী প্ৰতিমা নিৰ্মাণ কৰিছে ৩০জনা৷মেকনৰ চুবুৰীৰৰ শিল্পীজনৰ নিজ গৃহৰ চোতালত এতিয়া দিনে নিশাই ব্যস্ততা৷উল্লেখযোগ্য যে,মেকনৰ চুবুৰীৰ এই বিশেষ চৌহদটোত চাৰিটা প্ৰজন্ম জড়িত হৈ আছে এই মৃন্ময় প্ৰতিমা নিৰ্মাণৰ কামত৷প্ৰথম অৱস্হাত ইয়াতে লম্বোধৰ বৰুৱাই সাজিছিল মৃন্ময় প্ৰতিমা৷১৯৭৪ৰ পৰ্যন্ত তেওঁ প্ৰতিমা সজাৰ লগতে চাকৰি কৰা সত্বেও প্ৰতিমাত ৰং সনাকে ধৰি কিছু কাম কৰিছিল গণেশ কলিতাই৷জী নাতি টংকেশ্বৰ কলিতাই ককাকৰ পৰাই প্ৰথম অৱস্থাত মৃন্ময় প্ৰতিমা সজাৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত বাহিৰতো ইয়াৰ জ্ঞান লয় আৰু পৰৱৰ্তী সময়ত এইক্ষেত্ৰত এজন সুনিপুণ খনিকৰ হৈ উঠে৷ উল্লেখযোগ্য যে,টংকেশ্বৰ কলিতা কেৱল মৃৎশিল্পীয়েই নহয়,তেওঁ এগৰাকী ভাস্কৰো৷ৰাজ্যখনৰ বহুকেজন স্বনামধন্য ব্যক্তিৰ আৱক্ষমূৰ্ত্তি,পূৰ্ণৱয়ৱ মূৰ্ত্তি নিৰ্মাণ কৰাৰ লগতে ধৰ্মীয় গুৰুত্ব থকা বহু মূৰ্ত্তি নিৰ্মাণ কৰিছে৷তদুপৰি তেওঁ নিৰ্মাণ কৰিছে বহুকেখন কাৰুকাৰ্যখচিত তোৰণ৷উল্লেখযোগ্য যে প্ৰবীণ শিল্পজনে বৰ্তমান কলাগুৰু বিঞ্চু প্ৰসাদ ৰাভাৰ বৈপ্লৱিক চেতনাক উদ্ভাসিত কৰা কংক্ৰিটৰ এক আৱক্ষ মূৰ্ত্তি সজাৰ কামো চলাই গৈছে৷এইজন শিল্পীৰ একমাত্ৰ পুত্ৰ মনোজ কলিতাও সম্প্ৰতি জড়িত হৈছে পিতৃৰ কামৰ স’তে৷শিক্ষিত আৰু মুম্বাইত দৃশ্য গ্ৰহণ তথা ক্ৰ’মাকে ধৰি আধুনিক কাৰিকৰী কৌশলৰ শিক্ষা গ্ৰহণ কৰা মনোজে পিতৃৰ মৃৎশিল্পক ভৱিষ্যতে আগবঢ়াই নিয়াৰ পৰিকল্পনা গ্ৰহণ কৰাৰ লগতে তেওঁ পিতৃক সহযোগিতা আগবঢ়াই গৈছে৷এবছৰ পূৰ্বে ক’ভিদত আক্ৰান্ত হৈছিল শিল্পী টংকেশ্বৰ কলিতা৷গ’তিকে এইবাৰ পূৰ্বৰ তুলনাত পিতৃক অধিক সহায় কৰা মনোজে কয়“এই মৃৎশিল্প আমাৰ পৰিয়ালৰ এক পৰম্পৰা আৰু পৰিচয়৷ইয়াক আগবঢ়াই নিব লাগিব৷মই নিবিচাৰোঁ ভৱিষ্যতে আমাৰ পৰিয়ালত আজোককা,ককাৰ দিনৰ পৰাই চলি অহা এই পৰম্পৰা লুপ্ত হওঁক৷গতিকে ময়ো মোৰ পিতৃক এইক্ষেত্ৰত সহযোগিতা আগবঢ়াইছোঁ৷প্ৰতিমা সমূহত ৰং বোলোৱাৰ ক্ষেত্ৰত মই সহায়ক হিচাপে কাম কৰি গৈছোঁ৷”ইতিমধ্যে বিশ্বকৰ্মা আৰু মনসা পূজাৰ বাবে মৃন্ময় প্ৰতিমা সমূহ সাজু কৰাৰ পাছতে দুৰ্গা প্ৰতিমা সমূহৰ শেষ পৰ্যায়ৰ কাম আৰম্ভ কৰিব বুলি শিল্পী টংকেশ্বৰ কলিতাই প্ৰকাশ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More