তেজপুৰৰ ভোমোৰাগুৰিত বীৰ সেনাপতি কলীয়াভোমোৰাৰ আৱক্ষ মূৰ্ত্তি আৰু উদ্যান নিৰ্মাণৰ আহ্বান

0 38

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰ: তেজপুৰ নগাঁও সংযোগী তথা ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং আনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ বাবে সৰ্বসাধাৰণে অপেক্ষা কৰাৰ সময়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এখন উদ্যানৰ লগতে আহোম ৰাজত্ব কালৰ বীৰ সেনাপতি কলীয়া ভোমোৰাৰ এক আৱক্ষ মূৰ্ত্তি স্হাপনৰ আহ্বান জনাইছে তাই আহোম সাংস্কৃতিক বিকাশ সমিতিয়ে৷সমিতিৰ সভাপতি ভূৱন চন্দ্ৰ গগৈ আৰু সম্পাদক বলীন গগৈ স্বাক্ষৰিত এখন পত্ৰৰে শোণিতপুৰৰ উপায়ুক্তক এই আহ্বান জনাই লগতে কোৱা হৈছে যে,ইয়াত থকা তথা ১৯৮৭ত মুকলি কৰা প্ৰথমখন দলঙৰ নাম কলীয়া ভোমোৰা দলং ৰখাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে সম্প্ৰতি ইয়াৰ কাষতে দ্বিতীয়খন দলং নিৰ্মাণ কৰা হৈছে৷এই দুইখন দলঙৰ ভোমোৰাগুৰিৰ দিশে এই উদ্যান আৰু কলীয়া ভোমোৰাৰ আৱক্ষ মূৰ্ত্তি নিৰ্মাণৰ বাবে উদ্যোগ গ্ৰহণৰ আহ্বান জনোৱা হৈছে শোণিতপুৰৰ উপায়ুক্তক৷উল্লেখযোগ্য যে,আহোম ৰাজত্ব কালত সেনাপতি কলীয়া ভোমোৰাই ভোমোৰাগুৰিৰ পৰা নগাঁৱৰ শিলঘাট সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ পৰিকল্পনা তেতিয়াই কৰাৰ লগতে এই ক্ষেত্ৰত আগো বাঢ়িছিল৷আজিৰ পৰা প্ৰায় ছশ বছৰৰ পূৰ্বেই ১৬শ শতিকাত কলীয়া ভোমোৰাই শিলঘাট সংযোগী দলং নিৰ্মাণৰ বাবে আনকি প্ৰয়োজনীয় খুটাও সংগ্ৰহ কৰিছিল৷কিন্তু এইজন বীৰ সেনাপতিৰ অকাল বিয়োগত সেই উদ্যোগৰ যৱনিকা পৰে৷ইয়াৰ প্ৰায় চাৰিশ বছৰৰ পাছত সেই স্হানত ব্ৰহ্মপুত্ৰৰ ওপৰৰে তেজপুৰ নগাঁও সংযোগী প্ৰথমখন দলং আৰু বৰ্তমান দ্বিতীয়খন দলং নিৰ্মাণ হ’ল যদিও এজন ঐতিহাসিক পুৰুষৰ কোনো চিহ্ন এইপৰ্যন্ত নিৰ্মাণ কৰা নহ’ল৷উল্লেখযোগ্য যে, যোৱা পহিলা নৱেম্বৰৰ পৰা নৱ নিৰ্মিত দলংখনৰে যাতায়াত সাময়িক ভাবে আৰম্ভ হৈছে প্ৰথমখন দলঙৰ মেৰামতি চলি থকাৰ বাবে৷নৱনিৰ্মিত দ্বিতীয়খন দলং প্ৰথমখনৰ এই মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে৷এনে অৱস্থাত দ্বিতীয়খন দলং দুখনৰ উত্তৰ দিশে ভোমোৰাগুৰিত সেনাপতি কলীয়া ভোমোৰাৰ আৱক্ষমূৰ্ত্তি আৰু উদ্যান নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More