তেজপুৰৰ মহাভৈৰৱ,জ্যোতিভাৰতী,চকবজাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

0 10
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ মে’ : প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰৰ লগতে  তেজপুৰৰ পকী অৰ্থাৎ জ্যোতি ভাৰতী আৰু চকবজাৰত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।পকীলৈ তেওঁ পূৰ্বেও আহিছে য’দিও এইবাৰহে ইয়াত সংৰক্ষিত সম্পদৰাজি ওচৰৰ পৰা ভালদৰে চোৱা বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন গাঁথা এই “পকী” তেই আবদ্ধ হৈ আছে বুলি মন্তব্য কৰি লগতে কয় যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূর্য ফণী শৰ্মাই কেনেদৰে অসমীয়া বৰ ঘৰটো নিৰ্মাণ কৰিছিল সেই বিষয়ে জানিবলৈ হ’লে অসমৰ প্ৰতিজন নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে এই স্থান এবাৰলৈ হলেও দৰ্শন কৰা প্ৰয়োজন। উল্লেখযোগ্য যে আজি পুৱা প্ৰায় ১০বজাত ৰূপকোঁৱৰৰ একালৰ বাসগৃহ তেজপুৰৰ ঐতিহ্য মণ্ডিত পকী তথা অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড° শৰ্মাই এইদৰে মন্তব্য কৰে।তেওঁ আজি জ্যোতি ভাৰতীত থকা ৰূপকোঁৱৰৰ স্মৃতি বিজৰিত বিভিন্ন সামগ্ৰীকে ধৰি মহা মানৱ মহাত্মা গান্ধীয়ে তেজপুৰ ভ্ৰমণৰ সময়ত ব্যৱহাৰৰ কৰা বিচনা, বেলজিয়ামৰ পৰা সংগ্ৰহ কৰা আইনা আদি দৰ্শন কৰি এই সামগ্ৰীসমূহ অত্যাধুনিক বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই  কয় ,” গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰাহালয়ত আহোম স্বৰ্গদেৱে পৰিধান কৰা বস্ত্ৰ এতিয়ালৈকে সংৰক্ষিত হৈ আছে আৰু বৃটিছ সংগ্ৰাহালয়ত বৃন্দাৱনী বস্ত্ৰ সংৰক্ষিত হৈ আছে ,তেনেস্থলত জ্যোতি ভাৰতীত থকা মূল্যবান সামগ্ৰী সমূহ অত্যাধুনিক বৈজ্ঞানিক পৰম্পৰাৰে সংৰক্ষণ কৰাটো ৰাজ্য চৰকাৰে বিচাৰে আৰু সেয়ে শোণিতপুৰৰ উপায়ুক্তই এই ক্ষেত্ৰত তেজপুৰ বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰি বিষয়টো আগবঢ়াব লাগে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত তেজপুৰত এক সংগ্ৰাহালয় স্থাপনৰ বিষয়ে দীৰ্ঘদিন ধৰি উত্থাপিত হৈ অহা দাবী সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, এই ক্ষেত্ৰত চৰকাৰৰ অসুবিধা একো নাই আৰু ইয়াৰ বাবে চৰকাৰৰ ধনৰো অভাৱ নাই। কিন্তু এই ক্ষেত্ৰত এক প্ৰস্তাৱ চৰকাৰলৈ যাব লাগিব বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে, যিহেতু বৰ্তমান তেজপুৰৰ বিধায়ক হিছাপে কলাগুৰুৰ সন্তানেই আছে তেনেস্থলত তেওঁ এই ক্ষেত্ৰত আগ ভাগ লৈ তেওঁৰ কাৰ্যকালতে এই সংগ্ৰাহালয় স্থাপনৰ দিশত আগবাঢ়িব লাগে। সংগ্ৰাহালয়ৰ বাবে মাটি সমস্যা নহয় বুলিও কয় মুখ্যমন্ত্ৰী ড° শৰ্মাই। জ্যোতি ভাৰতীত প্ৰবেশৰ আগমূহূৰ্তত চহৰখনৰ মাজৰ পথৰ দুয়োকাষে বহুসংখ্যক লোকে স্বতঃস্ফূৰ্তভাবে মুখ্যমন্ত্ৰী শৰ্মাক স্বাগতম জনাই।মুখ্যমন্ত্ৰীয়েও ৰাইজৰ প্ৰতি সঁহাৰি জনাই। উল্লেখযোগ্য যে,জ্যোতিভাৰতীত সাংবাদিকে বটদ্ৰৱা কাণ্ডৰ তদন্ত সন্দৰ্ভত কৰা পৃথক এক প্ৰশ্নৰ উত্তৰত বিষয়টোক লৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে সকলো তথ্য যিহেতু প্ৰকাশ কৰি আছে আৰু বিষয়টো তদন্তৰ আওঁতাত থকাৰ হেতু  মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত অধিক মন্তব্য দিবলৈ অস্বীকাৰ কৰে যদিও তেওঁ কয় যে এনেবোৰ ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষীক অতি কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে আৰু ভৱিষ্যতে অসম আৰক্ষীয়ে এনেবোৰ ঘটনা অতি কঠোৰ হাতেৰে দমন কৰিব। জ্যোতি ভাৰতীৰ বিষয়াৰ লগতে কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীক উষ্ম সম্বৰ্দ্ধনা জনোৱাৰ লগতে তেজপুৰৰ একাধিক সামাজিক তথা ব্যৱসায়ীক সংগঠনেও সন্মান জনায়। তেওঁ আগন্তুক মাহত তেজপুৰলৈ পুনৰ আহি ৰূপকোঁৱৰে স্থাপন কৰা ৰাজ্যৰ প্ৰথমটো চলচ্চিত্ৰ গৃহ জোনাকী বৰ্তমান বন্ধ হৈ থকাত সেই বিষয়েও পৰিয়ালৰ সতে আলোচনা কৰিব বুলি কয়। প্ৰণিধানযোগ্য যে,ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আজি পুৱা নবজাত তেজপুৰৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে। শোণিতপুৰ আৰু বিশ্বনাথৰ দুদিনীয়া ভ্ৰমণ সূচীৰে কালি শোণিতপুৰৰ ৰঙাপৰাত কেবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই নিশা তেজপুৰ আৱৰ্ত ভৱনত কটায়। আজি পুৱা তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত দেৱাদিদেৱৰ পূজাত অংশ লয় মুখ্যমন্ত্ৰীয়ে।
মহাভৈৰৱ মন্দিৰত মহাদেৱৰ আশীষ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীৰ সৰ্বাংগীণ মংগল কামনা কৰে।তেওঁ ইয়াত সংবাদিকৰ আগত কয় যে, তেজপুৰ মিছন চাৰআলিত উৰণীয়া সেঁতু নিৰ্মাণৰ ক্ষেত্ৰত থকা দেশৰ সেনা বাহিনীৰ আপত্তি দূৰ কৰা হৈছে বুলি উল্লেখ কৰি ঠিকাদাৰৰ গুৰুত্বহীনতাৰ বাবেই নিৰ্মাণ কাৰ্য বৰ্তমান পলম হোৱা বুলিও সদৰী কৰে। তেওঁ অচিৰেই উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হ’ব আৰু পূৰ্বতকৈ পাঁচশ মিটাৰ দৈৰ্ঘ বৃদ্ধি পাব বুলিও জানিবলৈ দিয়ে। ইপিনে,সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেজপুৰ ডিপোটাত বনবিভাগে চিহ্নিত কৰা বন্য হস্তী কৰিডৰত অব্যাহত অবৈধ নিৰ্মাণ কাৰ্যসমূহৰ বিষয়েও জিলা উপায়ুক্তৰে আলোচনা কৰিব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি তেজপুৰৰ চকবজাৰৰ ব্যৱসায়ীসকলৰ সতেও আলোচনা কৰে। জ্যোতিভাৰতীৰ পৰা মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্ত্ৰী অশোক সিংঘল, বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষ্ণকমল তাঁতী সমন্বিতে চকবজাৰত উপস্থিত হয়হি। স্মৰ্ত্তব্য যে, ২০২০ৰ মে’ত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত চ’ক বজাৰখনৰ প্ৰায় দুশখন দোকান জুইত জাহ গৈছিল। তাৰ পিছত চৰকাৰ তথা মুখ্যমন্ত্ৰী পুঁজিৰ পৰা ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক কিছু আৰ্থিক সহায় আগবঢ়াইছিল আৰু ইতিমধ্যে মজুত থকা প্ৰায় ২৯কোটি টকাৰে চকবজাৰখন নতুন ৰূপত গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হৈছিল। উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা বজাৰখন নিৰ্মাণৰ পৰিকল্পনা কৰা হ’লেও বৰ্তমান এয়া বাস্তৱত হৈ উঠা নাই। উল্লেখযোগ্য যে তেজপুৰৰ চকবজাৰখন নতুনকৈ নিৰ্মাণ হলে ইয়াত বহুসংখ্যক নিবনুৱাৰ সংস্থাপনৰ পথ মুকলি হ’ব। কিন্তু বৰ্তমান ইয়াত একংশই বজাৰগৃহ লৈ আনক ভাৰা দিয়াৰো অভিযোগ উঠি আহিছে। সম্প্ৰতি বজাৰখন স্থায়ীৰূপত নিৰ্মাণ হৈ নুঠাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল। ব্যৱসায়ীসকলে মুখ্যমন্ত্ৰীৰ তেজপুৰ আগমনৰ সময়ত এবাৰ লগ পাব বিচৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে সন্মতি প্ৰদান কৰে আৰু  তেজপুৰ চক বজাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই চক  বজাৰখন নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দায়িত্ব অৰ্পণ কৰে মন্ত্ৰী সিংঘলক আৰু ব্যৱসায়ীসকলৰ সতে দিছপুৰতো আলোচনাত বহি তেওঁলোকৰ সুবিধা হোৱাকৈ পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More