তেজপুৰৰ মাজগাঁৱত দিনতে লুটিছে দুই চোৰে

0 22

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ নৱেম্বৰ: তেজপুৰৰ মাজগাঁও অঞ্চলত দুই গভাইত চোৰকলৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে স্হানীয় মহাভৈৰৱ আৰক্ষী চকী অন্তৰ্গত নৱপুৰ, ৰত্নপুৰ, খৰাআটিকে ধৰি বিভিন্ন অঞ্চলত দিন দুপৰতে লুটপাত চলোৱা এই দুই চোৰে আনকি ইয়াৰ পূৰ্বে দিনতে লোহাৰ গ্ৰীল পৰ্যন্ত চুৰি কৰি নিছে৷ ইৰিক্সাত অহা এই চোৰে মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া,মানুহ নথকাৰ সুযোগত ঘৰুৱা মূল্যৱান সম্পত্তি তথা চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি নিছে৷ মাজগাঁৱৰ ৰত্নপুৰ নিবাসী বসন্ত ভট্টাচাৰ্যৰ বাসগৃহৰ পৰা দিন দুপৰতে গৃহস্থ নথকাৰ সুযোগলৈ দুবাৰকৈ চুৰি কাৰ্য সংঘটিত কৰিছে৷প্ৰথম বাৰ দুই যুৱকে এখন ইৰিক্সাত উঠি আহি এখন লোহাৰ গে’ট চুৰি কৰি নিয়াৰ পাছত মাত্ৰ কেইদিনমান পূৰ্বে ভট্টাচাৰ্যৰ বাসগৃহৰ পৰা একেদৰেই আহি এখন চাইকেল লৈ যায়৷একেদৰেই নৱপুৰৰ পৰাও চাইকেল লৈ উধাও হোৱা এই দুই দুধৰ্ষ চোৰে খৰা আটি অঞ্চলত কালি এগৰাকী মহিলাৰ ডিঙিৰ অলংকাৰ কাঢ়ি নিয়ে৷একেদৰেই আন এগৰাকী মহিলাৰ পৰাও এই দুই চোৰে অলংকাৰ কাঢ়ি নিয়াৰ অপচেষ্টা চলাই৷শেহতীয়াকৈ ৰত্নপুৰৰ ভট্টাচাৰ্যৰ ঘৰৰ পৰা চাইকেল চুৰি কৰা সময়ৰ দৃশ্য চি চি কেমেৰাত বন্দী হোৱাৰ লগতে ইয়াৰ পৰা এক চোৰৰ চেহেৰাও স্পষ্ট হৈছে৷ দিনে দিনে অতপালি বৃদ্ধি পোৱা এই দুইচোৰৰ বিৰুদ্ধে একাংশ লোকে স্হানীয় মহাভৈৰৱ আৰক্ষী চকীত অভিযোগ দিছে য’দিও বিষয়টোকলৈ আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখযোগ্য যে,সম্প্ৰতি জনবহুল অঞ্চলতে পুৰুষসকল কামলৈ যোৱাৰ সময়ত তথা গৃহস্থ নথকাৰ সুযোগলৈ দিনদুপৰতে পথ তথা গৃহত প্ৰৱেশ কৰা আৰু একেস্হানলৈকে বাৰে বাৰে আহিবলৈ কেৰেপ নকৰা এই দুই চোৰে অধিক বিপজ্জনক ঘটনা সংঘটিত কৰিব পাৰে বুলিও স্হানীয় লোক শংকিত হৈ পৰাৰ বিপৰীতে এই দুই দুধৰ্ষ চোৰক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More