তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ত ৰঙালী বিহুৰ বাৰেৰহনীয়া অনুষ্ঠান

প্ৰশিক্ষাৰ্থী - শিক্ষাৰ্থী আৰু অধ্যাপক - অধ্যাপিকাই নাচিলে বিহু

0 121

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২০ এপ্ৰিল : তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যক্ষৰ উদ্যোগত কালি শিক্ষানুষ্ঠানখনৰ চৌহদত অনুষ্ঠিত হৈ যায় ৰঙালী বিহুৰ আকৰ্ষণীয় কাৰ্যসূচী। শিক্ষাৰ্থী অৰ্থাৎ প্ৰশিক্ষাৰ্থী সকলে বিহুনাম, বিহুনাচ, হুঁচৰি আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি মহাবিদ্যালয় চৌহদত এক অনন্য পৰিৱেশৰ সূচনা কৰে। অধ্যাপক সুৰজিত মহন্তৰ তত্বাৱধানত প্ৰশিক্ষাৰ্থী সঞ্জীৱ শৰ্মা আৰু বৰ্ষা শইকীয়াই আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ অজয় কাণ্ডুলনাই। লোক সংস্কৃতিৰ গৱেষক, লেখক প্ৰবীণ গগৈ আৰু সমাজকৰ্মী ধ্ৰুৱজ্যোতি কাকতিক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটিত প্ৰবীণ গগৈয়ে বিহুৰ তাৎপৰ্য ব্যখ্যা কৰাৰ লগতে গোলাঘাটৰ নয়নমনি ৰংপি আৰু অভিলাষ ভড়ালীয়ে ঢোলবাদনেৰে সকলোকে আপ্লুত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More