তেজপুৰৰ সত্ৰ-নামঘৰত ভাদমাহৰ ভক্তিৰসৰ অনন্য পৰিৱেশ

0 16

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট: ৰাজ্যৰ জাতীয় জীৱনৰে সংপৃক্ত সত্ৰ-নামঘৰ সমূহত ভাদ মাহ উপলক্ষে আৰম্ভ হোৱা নাম প্ৰসংগ, হৰিনাম, কীৰ্ত্তনৰ অনন্য পৰিৱেশত ডুব গৈছে তেজপুৰৰো সকলো সত্ৰ নামঘৰ৷ আয়তী – নামতি আৰু ভকত – বৈষ্ণৱৰ এবুকু আবেগ জড়িত থকা এই পবিত্ৰ ভাদমাহৰ ঐতিহ্য আৰু পৰম্পৰা অনুসৰি এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে হৰিনাম কীৰ্ত্তনৰ অমিয়া পৰিৱেশ। IMG 20220818 WA0017তেজপুৰৰ ডিপোতা, বেছেৰীয়া, মিলনপুৰ, পৰ্বতীয়া, মাজগাঁও, ডেকাৰগাঁও, মৰাভৰলীপাৰ, শইকীয়া চুবুৰী, ঘৰপৰা চুবুৰী, কলিবাৰী, দেউৰীগাঁও আদি সকলোতে হৰিনাম আৰু কীৰ্তনৰ মধুৰ সুৰে সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশৰ৷ ইয়াৰ সমান্তৰালভাবে কাইলৈৰ জন্মাষ্টমীৰ বাবেও চলিছে ব্যাপক আয়োজন৷ এনে পৰিৱেশৰ মাজতে আজি তেজপুৰ চহৰৰ বাৰহলীয়াৰ শ্ৰী শ্ৰী হৰি মন্দিৰ ও নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱাৰে পৰা এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত।ইতিমধ্যে তেজপুৰৰ এক অন্যতম সম্ভ্ৰান্ত অঞ্চল বাৰহলীয়াত ৰাজহুৱা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ বাবে এইকেদিন ব্যস্ত হৈ পৰিছিল স্হানীয় ৰাইজ৷ আজি পহিলা ভাদৰ দিনটোতেই হৰি মন্দিৰ ও নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়তীসকলৰ লগতে স্হানীয় ৰাইজে হৰিনাম কীৰ্ত্তনৰে এক সুন্দৰ আধ্যাত্মিক পৰিৱেশেৰ সূচনা কৰে। এই নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা প্ৰভাত ফেৰী আৰু পৰম্পৰাগত পানীতোলা উৎসৱো সম্পন্ন হয়।ইপিনে,তেজপুৰৰ মাজগাঁও বৰনামঘৰত জয় আৰু বিজয়ৰ বিগ্ৰহ স্থাপন কৰা হয়৷ ৰাজ্যৰ জাতীয় জীৱনত পবিত্ৰ মাহ হিচাপে পৰিচিত ভাদ মাহৰ পহিলা দিনটোত দিনটোত স্হানীয় ৰাইজৰ সহযোগত জয় আৰু বিজয়ৰ বিগ্ৰহৰ শুভ উদ্ধোধন কৰে বৰালী মৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা বিশিষ্ট সত্ৰীয়া শিল্পী শোভন মহন্তই। হৰিনাম কীৰ্ত্তন আৰু মংগল ধ্বনিৰ মাজত সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে শুভ উদ্বোধন কৰি সত্ৰাধিকাৰ মহন্তই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ সংস্কৃতিয়ে ৰাজ্যৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন দৃঢ় কৰি ৰাখিছে বুলি মন্তব্য কৰে।একেদৰে দ পৰ্বতীয়াৰ মাধৱ মন্দিৰ, শ্ৰী শ্ৰী নিকামূল সত্ৰ, মদাৰগুৰি সত্ৰৰ লগতে তেজপুৰ চহৰৰ কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ নামঘৰ, বেছেৰীয়া, ডিপোটা, হলেশ্বৰ, ডেকাৰগাঁও, শইকীয়া চুবুৰীৰ নামঘৰ, তেজপুৰ চহৰৰ চিত্ৰলেখা নগৰৰ নামঘৰ, ঊষা নগৰ, বিষ্ণু নগৰৰ নামঘৰ, মিলনপুৰ, তেলেৰীয়া, বৰঝাৰ গাওঁ, বৰুৱাচুবুৰী, খৰাআটি, বৰুৱাচুবুৰী, ইন্দিৰা নগৰ আদি সকলো অঞ্চলৰ ৰাজহুৱা নামঘৰত ভাদমহীয়া নাম প্ৰসংগ আৰু হৰিনাম – কীৰ্ত্তনেৰে মুখৰিত হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More