তেজপুৰৰ সমাজকৰ্মী বিমল শইকীয়াৰ পৰলোকপ্ৰাপ্তি

বিভিন্ন ব্যক্তি - অনুষ্ঠানৰ শোকপ্ৰকাশ

0 11

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপুখুৰী তিনিআলি নিবাসী বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শংকৰ দেৱ সংঘৰ বিষয়ববীয়া বিমল শইকীয়াৰ আজি দিনৰ প্ৰায় ২ বাজি ৩০ বজাত নিজ বাসগৃহতে ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত দেহাৱসান ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বালিপুখুৰী নিবাসী শইকীয়াৰ কোনোধৰণৰ ৰোগত আক্ৰান্ত হৈ নথকাৰ পিছতো আজি বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। ৫৫ নং তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী আদৰ্শ শিক্ষক হিচাপে অঞ্চলটোত মানৱ সম্পদ সৃষ্টিত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা আৰু পৰৱৰ্তী সময়ত প্ৰধান শিক্ষক হিচাপেও বিদ্যালয়খনৰ উত্তৰণ আৰু বিকাশৰ সমান্তৰাল ভাৱে অঞ্চলটোৰ সকলো সামাজিক – সংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ সৈতে ঘনিষ্ঠ ভাবে জড়িত হৈ সকলো শ্ৰেণীৰ লোকৰ মাজতেই জনপ্ৰিয় ব্যক্তি হিচাপে পৰিচিত হোৱা শইকীয়া তেজপুৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক হিচাপে আৰু শিক্ষক ভৱনৰ সৈতেও জড়িত হৈ সমগ্ৰ তেজপুৰৰ শিক্ষানুষ্ঠান সমূহৰ লগতে শিক্ষক – শিক্ষয়িত্ৰী সকলৰ মাজত এগৰাকী আপোন সৰ্বজনপ্ৰিয় লোক হিচাপে পৰিগণিত হৈছিল। আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতেও দীৰ্ঘদিন ধৰি জড়িত হৈ অহাই নহয় সংঘৰ তেজপুৰ আঞ্চলিক প্ৰাথমিকৰ প্ৰথমগৰাকী সভাপতি হিচাপে আৰু পৰৱৰ্তী সময়ত জিলাৰ বিভিন্ন বিষয়ববীয়া হিচাপেও সংঘৰ ভকত বৈষ্ণৱ সকলৰ প্ৰিয়ভাজন হৈ পৰিছিল। এইগৰাকী সৰবৰহী সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা শংকৰ সংঘৰ অন্যতম কৰ্মীৰ পৰলোকপ্ৰাপ্তিৰ বতৰা পোৱাৰ পিছতেই বাসগৃহত অসংখ্যজন গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত নশ্বৰ দেহ লৈ গায়ন – বায়নেৰে স্হানীয় অঞ্চলটিত এক শ্ৰদ্ধাঞ্জলি যাত্ৰা উলিওৱাৰ কালতো বিভিন্নজন আৰু বিভিন্ন অনুষ্ঠানে পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।মৃত্যুৰ সময়ত পত্নীৰ লগতে তিনি গৰাকী পুত্ৰ, বোৱাৰী, দুগৰাকী বিবাহিত কন্যা, নাতি – নাতিনীক এৰি যোৱা শইকীয়াৰ মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত দাস, তেজপুৰ আঞ্চলিক শংকৰদেৱ সংঘ, তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক অবনী বৰা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More