তেজপুৰৰ সাংস্কৃতিক কৰ্মীক চাৰিদুৱাৰত আৰক্ষীৰ নিৰ্মম প্ৰহাৰঃ এজাহাৰ

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ মে’ঃ নতুনকৈ পৰিধান কৰা খাকী পোছাকৰ ক্ষমতাৰ ৰাগিত তেজপুৰৰ মনোজ কলিতা নামৰ যুৱকজনক সুৰাপান কৰাৰ অভিযোগত সদলবলে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত চাৰিদুৱাৰ আৰক্ষী থানাৰ এজন উপপৰিদৰ্শকৰ বিৰুদ্ধে ন্যায় বিচাৰি এজাহাৰ দাখিল কৰাৰ লগতে ন্যায় বিচাৰি আদালতৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী কলিতাই৷ৱ অভিযোগ অনুসৰি, এগৰাকী সৰবৰহী সাংস্কৃতিক তথা সংবাদকৰ্মী, তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি মেকনৰ চুবুৰীৰ বিশিষ্ট মৃৎ আৰু ভাস্কৰ্য শিল্পী টংকেশ্বৰ কলিতাৰ পুত্ৰ মনোজ কলিতাক যোৱা ১২ মে’ৰ নিশা নিপন শইকীয়া নামৰ উপপৰিদৰ্শক জনৰ লগতে তেওঁৰ সহযোগী একাংশ আৰক্ষীয়ে বৰ্বৰোচিতভাবে প্ৰহাৰ কৰে৷ ঘটনা সন্দৰ্ভত মনোজে চাৰিদুৱাৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে, ১২ মে’ত সন্ধিয়া পাঁচ বজাৰ পৰাই মনোজে চাৰিদুৱাৰ বনগাঁও আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মূল সাংস্কৃতিক অনুষ্ঠানত সমিতিৰ আমন্ত্ৰণত আৰু প্ৰদান কৰা দায়িত্ব অনুসৰি নিশা অনুষ্ঠানৰ ভিডিঅ ৰেকৰ্ডিং কৰি আছিল। ৰেকৰ্ডিং কৰি থকা অৱস্থাতে নিশা প্ৰায় ১২বজাত ভাত খাই অহাৰ পিছত এখন তামোল খোৱাৰ বাবে মুৰ ঘূৰাই আৰু যথেষ্ট শাৰীৰিক অসুস্থতা অনুভৱ কৰাৰ পিছত আকস্মিক ভাৱে বমি হয় মনোজৰ।সেই সময়ত মুখখন দুই হাতৰে ঢাকি ধৰিছিল য’দিও মনোজৰ কেমেৰা ষ্টেণ্ডৰ সন্মুখৰ চকীত বহি থকা চাৰিদুৱাৰ থানাৰ সহকাৰী উপ পৰিদৰ্শক নিপন শইকীয়াৰ কোনো আত্মীয়ৰ গাত পৰা বুলি নিপন শইকীয়াক টেলিফোনেৰে জনোৱাৰ পিছত কোনো বাচ বিচাৰ নকৰি মনোজক উপৰ্যুপৰি প্ৰহাৰ কৰি বাহিৰলৈ উলিয়াই নি কোনো মানুহে নেদেখাকৈ টিনৰ বেৰাত মূৰ আচাৰী আহত কৰে৷ আনকি সেইখিনি সময়ত মনোজে নিজৰ কোনো ভুল নাই আৰু আকস্মিক ভাৱে অসুস্থ হৈ পৰা বাবেহে তেনে হ’ল বুলি কৈ নিজৰ সাংবাদিকৰ পৰিচয় পত্ৰ দেখুৱাত আৰক্ষীয়ে পৰিচয় পত্ৰও দলিয়াই উপৰ্যুপৰি প্ৰহাৰ কৰা বুলি এজাহাৰখনত উল্লেখ কৰি এই ঘটনাত কেবাজনো আৰক্ষী জোৱান, এ পি আৰ জি জোৱানসহ দিনেশ চন্দ্র ডেকা নামৰ যানবাহন আৰক্ষীৰ এগৰাকী লোকো জড়িত আছে বুলি উল্লেখ কৰিছে।উল্লেখযোগ্য যে,ঘটনাটোক পৃথক ৰূপ দিবলৈ মনোজে সুৰাপান কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে মনোজে প্ৰত্যাহ্বান জনাই প্ৰকাশ কৰিছে যে সুদীৰ্ঘ ১৫ – ১৬ বছৰে জিলা প্ৰশাসনৰ উপৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত এনে দৃশ্য সংগ্ৰহৰ কাম কৰি অহাৰ পাছতো আজিলৈকে কোনোদিন সুৰাপান কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে কোনেও দিব পৰা নাই। যদিহে উক্ত নিশা সুৰাপান কৰি মনোজে উদ্ভণ্ডালি কৰিছিল তেনেহলে আৰক্ষীয়ে নিজেই আইন হাতত তুলি লোৱাৰ সলনি মনোজক কৰায়ত্ত কৰি স্বাস্থ্য পৰীক্ষা নকৰিলে কিয় বুলি মন্তব্য কৰি মনোজে কয় যে, এনেসকল আৰক্ষীয়েই সমগ্ৰ আৰক্ষীৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা ভংগ কৰে৷ উল্লেখযোগ্য যে,প্ৰায় এবছৰ পূৰ্বে নিযুক্তি লাভ কৰি চাৰিদুৱাৰত প্ৰবেচনত থকা আৰক্ষী উপপৰিদৰ্শক শইকীয়া আৰু তেওঁৰ সহযোগী সকলে প্ৰহাৰ কৰাৰ সময়তো মনোজে বাৰম্বাৰ স্বাস্থ্য পৰীক্ষাৰ কথা কৈছিল য’দিও সেই কথাত তেওঁলোকে গুৰুত্ব দিয়া নাছিল৷ উল্লেখযোগ্য যে,এটি ছয়মহীয়া সন্তানৰ পিতৃ মনোজে আইনৰ সহায় লোৱাত এতিয়া বিভিন্ন প্ৰকাৰে গোচৰটো উঠাই লব’লৈও হেঁচা দিয়াৰ লগতে বিভিন্ন কূটকৌশল ৰচনা কৰাৰো অভিযোগ কৰিছে মনোজৰ পৰিবাৰ তথা সাংস্কৃতিক কৰ্মী ধৰিত্ৰীয়ে৷এই ঘটনাকলৈ মনোজক জনা সকলোৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিষয়টোৰ অভিযুক্ত খাকীপোচাকধাৰী হোৱাৰ বাবেই যাতে সুৰক্ষা দিয়া নহয় তাৰো দাবী উঠিছে৷এই ঘটনাত মনোজে শৰীৰ বিভিন্ন স্হানত আঘাত পোবাৰ লগতে এখন ভৰিৰে ভালদৰে খোজকাঢ়িব পৰা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More