তেজপুৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান “সংকল্প অসম” ৰ প্ৰশংসনীয় পদক্ষেপ 

0 12
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ মে’:  এটি মন্দিৰলৈ দৈনদ্দিন অলেখ ভক্তপ্ৰাণ ৰাইজ আহে আৰু যায় কিন্তু মন্দিৰটিৰ সমগ্ৰ পৰিচালনা আৰু চোৱা চিতা কৰে তাত কৰ্মৰত পূজাৰী, পৰিচাৰক আৰু সহায়ক সকলেহে। পূজাৰী আৰু এই সহায়ক, পৰিচাৰকসকলৰ এনে সেৱা বা শ্ৰম সদায় অগোচৰেই থাকি যায় ৰাইজৰ সন্মুখত। হাজাৰ হাজাৰ দৰ্শনাৰ্থী বা ভক্তপ্ৰাণ ৰাইজক সেৱা শুশ্ৰূষা কৰিও তেওঁলোকৰ এই শ্ৰম বা সেৱা মনোকামনা সিদ্ধিৰ বাবে অহা ৰাইজৰ ওচৰত যেন উপেক্ষিত হৈ ৰয়। সততে কাৰোৱেই চকুত নপৰা বা আনে কেতিয়াও নভৱা এই পূজাৰী, পৰিচাৰকসকলকে আজি বিশেষ ভাবে সন্মান প্ৰদান কৰি তেজপুৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “সংকল্প অসম” এ দেখুৱালে এক দৃষ্টান্ত। উল্লেখ্য যে, তেজপুৰস্থিত মাহাত্ম্যৰে পূৰ্ণ আৰু নিতৌ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটা ভৈৰৱী মন্দিৰৰ সকলো পূজাৰী পৰিচাৰক আৰু সহায়কসকলক একত্ৰিত কৰি আজি “সংকল্প অসম” এ একোখনিকৈ মানপত্ৰ আৰু সংকল্প অসমৰ প্ৰতিকীচিহ্ন যুক্ত গামোচাৰে সন্মান জনাই কৃতজ্ঞতা জ্ঞাপন কৰে। সংকল্প অসম কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয় বৰাই আঁতধৰা অনুষ্ঠানটিত কেন্দ্ৰীয় সমিতিৰ সভাপতি হিমাংশু ডেকা, সহ-সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱা, প্ৰচাৰ সম্পাদক পবিত্ৰ বৰা আৰু সদস্যসকল উপস্থিত থাকে। বছৰ বছৰ ধৰি তেওঁলোকে ইমান সুন্দৰ ভাবে মন্দিৰটি পৰিচালনা কৰি শ-শ ভক্তপ্ৰাণ ৰাইজক সেৱা আগবঢ়ায় অহাৰ বাবে পৰিচালনা সমিতিলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ মুহূৰ্তত পূজাৰী আৰু পৰিচাৰকসকল আবেগিক হৈ পৰি এটা অনুষ্ঠানৰ দ্বাৰা এনে সন্মান তেওঁলোকৰ বাবে প্ৰথম সন্মান বুলি মন্তব্য কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More