তেজপুৰৰ সৰবৰহী ভাওনা আৰু সত্ৰীয়া শিল্পী, কোঁচ ৰাজবংশী সন্মিলনীৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

বিভিন্ন অনুষ্ঠান - ব্যক্তিৰ শোক প্ৰকাশ

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১০ মে’ঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ ডেকা চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, সত্ৰীয়া আৰু ভাওনা শিল্পী তথা কোঁচ ৰাজবংশী সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বৰুৱাৰ আজি বিয়লি প্ৰায় ৩ বজাত আকস্মিক ভাৱে পৰলোকপ্ৰাপ্তি ঘটাত অঞ্চলটিৰ লগতে তেজপুৰ আৰু শোণিতপুৰ জিলাখনতে শোকৰ ছাঁ পৰিছে। মিলনপুৰৰ আদৰ্শ সন্মিলিত সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ প্ৰাক্তন সম্পাদক , মিলনপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন, মিলনপুৰ দুৰ্গা পূজা সমিতিৰ লগতে ডেকা চুবুৰী নামঘৰ পৰিচালনা সমিতিৰ উপৰি বিভিন্ন সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ থকা অতি সৰবৰহী আৰু নিষ্ঠাবান সমাজকৰ্মী আৰু জনপ্ৰিয় ভাওনা শিল্পী গৰাকী আজি পুৱা নিজৰ পুখুৰীত মাছৰ পোনা দিয়াকে ধৰি বাৰীৰ কৃষি কৰ্মত ব্যস্ত হৈ আছিল যদিও দুপৰীয়া হঠাতে কফ হোৱা বুলি কোৱাত প্ৰায় ২- ৩০ বজাত পৰিয়ালৰ লোকে তেজপুৰৰ ব্যপ্তিষ্ট খ্ৰীষ্টিয়ান হাস্পতাললৈ নিয়ে যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। মিলন বাকৰি ৰাস মহোৎসৱৰ এগৰাকী সক্ৰিয় বায়ন আৰু প্ৰাক্তন সম্পাদক বৰুৱাই নিজৰ গাঁৱৰ নামঘৰৰ লগতে তেজপুৰৰ বিভিন্ন নামঘৰত ভাওনা পৰিচালনা কৰি আৰু নিজে বিভিন্ন চৰিত্ৰৰ ভাও লৈ কৃতিত্ত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। কোঁচ ৰাজবংশী সকলৰ বিকাশ আৰু উত্তৰণৰ হকে সংগ্ৰাম অব্যাহত ৰখা মহেশ্বৰ বৰুৱা সন্মিলনীৰ এগৰাকী অতি নিষ্ঠাবান জিলাৰ বিষয়ববীয়া হিচাপেও ৰাজ্যখনতে জনপ্ৰিয় আছিল।তেজপুৰৰ লগতে জিলাখনত কোঁচ ৰাজবংশী সন্মিলনীৰ সংগঠন শক্তিশালী কৰিবলৈ অহোপুৰুষাৰ্থ কৰাৰ লগতে স্হানীয় যিকোনো সামাজিক – সংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানত অগ্ৰনী ভূমিকা পালন কৰি অঞ্চলটিৰ সামগ্ৰিক উত্তৰণ আৰু বিকাশৰ বাবে দেহেকেহে লাগিছিল। বিশেষকৈ স্হানীয় অঞ্চলটিৰ শৈক্ষিক উত্তৰণৰ সপোন দেখা আৰু পঢ়া শুনাৰ লগতে আন আন প্ৰতিভাবান সকলক আৰু ছাত্ৰ-ছাত্ৰীক বিশেষ ভাৱে অনুপ্ৰাণিত কৰিছিল। মৃত্যুৰ সময়ত পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যা, জ্যেষ্ঠ, কনিষ্ঠ ভাতৃ সহ অসংখ্য আত্মাীয় স্বজনক এৰি যোৱা মহেশ্বৰ বৰুৱাৰ আকস্মিক মৃত্যুৰ বতৰা পোৱাৰ পিছতেই বাসগৃহত এ শোকাকুল জনতাৰ সমাবেশ হোৱাৰ পাছত সকলোৱে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।আনহাতে এইগৰাকী সক্ৰিয় সমাজকৰ্মী তথা ভাওনা আৰু সত্ৰীয়া শিল্পীৰ আকস্মিক বিয়োগত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, মিলনবাকৰি ৰাস মহোৎসৱ সমিতি, শোণিতপুৰ জিলা কোঁচ ৰাজবংশী সন্মিলনী, তেজপুৰ সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, বালিপুখুৰী পঞ্চায়ত আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More