তেজপুৰৰ ১৬গৰাকী বিশিষ্ট চিকিৎসকলৈ ৰটাৰী ক্লাৱৰ সন্মান

0 29

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২জুলাই: ইতিমধ্যেই জীৱনৰ ৮০বছৰ অতিক্ৰম কৰা তথা ইয়াৰে ভিতৰত ৫০বছৰৰ অধিক দীঘলীয়া সময় চিকিৎসক হিচাপে দেশ তথা ৰাইজৰ সেৱাত অতিক্ৰম কৰা তেজপুৰৰ ১৫গৰাকী প্ৰবীন চিকিৎসক আৰু এগৰাকী নবীন চিকিৎসকক তেজপুৰত বিশেষভাবে সন্মানিত কৰা হয়। ৰাজ্য তথা দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ এক সামাজিক অনুষ্ঠান ৰটাৰি ক্লাৱৰ উদ্যোগত তেজপুৰৰ এই ১৬গৰাকী বিশিষ্ট চিকিৎসকলৈ কালি আগবঢ়োৱা হয় স্বৰ্ণ সেৱা সন্মান। তেজপুৰৰ কে আৰ চি পেলেচত আয়োজিত এই অনুষ্ঠানত চিকিৎসক জীৱনত ৫০বছৰৰ অধিক কাল সৰ্বসাধাৰণ তথা দেশৰ বাবে চিকিৎসা সেৱা আগবঢ়োৱা বৰ্ষীয়ান চিকিৎসক লক্ষী গোস্বামী,অমৰ সিং কাকতি, এফ আৰ চৌধুৰী, বিশ্বৰঞ্জন কলিতা,  সুৰেণ গগৈ, প্ৰদীপ বৰুৱা, পি কে শৰ্মা, হৰেণ শৰ্মা, হেমেন বৰা, বিজন ফুকন, মনোজ মিৰ্দ্ধা, জ্ঞান শৰ্মা, কে পি চক্ৰৱৰ্তী, এ পি দত্ত, কাৰ্তিক বৰকাকতিলৈ এই সন্মান আগবঢ়োৱা হয়। আনহাতে আন এগৰাকী তৰুণ চিকিৎসক অৰুণ কুমাৰকো তেওঁ আগবঢ়াই অহা নিস্বাৰ্থ চিকিৎসা সেৱাৰ বাবে একেলগে এই সন্মান জনোৱা হয়। ৰটাৰি ক্লাৱৰ সভাপতি মুকুল ব’থ্ৰা আৰু সম্পাদক ৰাজনদল শৰ্মাৰ উপৰি প্ৰকল্প অধ্যক্ষ ৰীতেশ মিশ্ৰুফ,সুনীল চাৰাফ আদি ৰটাৰী ক্লাৱৰ সদস্য সকলে অংশ লোৱা এই অনুষ্ঠানত এইসকল প্ৰবীণ চিকিৎসকে তেওঁলোকে চিকিৎসক হিচাপে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আগবঢ়োৱা সেৱাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। চিকিৎসক ডেনি দত্তই আঁত ধৰা সভা খনত সন্মানিত প্ৰতি গৰাকী চিকিৎসকক একোখন মানপত্ৰ, ৰটাৰী ক্লাৱৰ চিহ্ন সম্বলিত স্মাৰক আৰু এখন গামোচাৰে সম্ভাষণ জনোৱা হয়। উল্লেখযোগ্য যে, চিকিৎসক হিচাপে বৰ্তমানেও এইসকল চিকিৎসকৰ বহুকেজনে অতি সামান্য মাছুলৰেই তথা বিনামূলীয়াকৈ বহু সংখ্যক লোকক চিকিৎসা সেৱা বৰ্তমানেও আগবঢ়াই অহাৰ লগতে সামাজিক ক্ষেত্ৰলৈয়ো অনবদ্য অৱদান আগবঢ়াই আহিছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More