তেজপুৰৰ ৰূপাজুলি চাহবাগিচাত দুই শ্ৰমিক নিহত

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩১মাৰ্চঃ 20230331 190850তেজপুৰ চহৰৰ নিকটৱৰ্তী ৰূপাজুলি চাহ বাগিচাত আজি  দুজন শ্ৰমিক শোকাবহ দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আজি দিনৰ প্ৰায় আঢ়ৈ বজাত বাগিচাখনৰ দুই স্হায়ী শ্ৰমিক ৰোহিত তাঁতি(২৯)আৰু ছৱি তাঁতি(৫০) কলঘৰৰ এজবেষ্টাৰ টিনৰ ফাটি থকা অংশ মেৰামতিৰ বাবে উঠাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়৷বহু পুৰণা আৰু ইতিমধ্যেই ফাটি থকা টিনপাটৰ মেৰামতি কৰি নামিবলৈ লোৱাৰ সময়তে সেই টিন ভাঙি পৰে আৰু দুয়োজন শ্ৰমিক প্ৰায় ৪২ফুট উচ্চতাৰ পৰা কলঘৰৰ ভিতৰত পৰি যায়৷ উল্লেখযোগ্য যে,টিনপাট মেৰামতিৰ বাবে মুঠ তিনিজন শ্ৰমিক উঠিছিল আৰু ইয়াৰে ভিতৰত এজন সুৰক্ষিত ভাবে নামি আহে৷ আনহাতে,গুৰুতৰ ভাবে আহত হোৱা শ্ৰমিক দুজনক লগে লগে বাগিচাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও ইয়াৰ পৰা তেজপুৰৰ ব্যাপ্তিষ্ট মিছন হাস্পতাললৈ অনা হয় যদিও ইতিমধ্যে দুইজন শ্ৰমিকৰ মৃত্যু ঘটে৷উল্লেখযোগ্য যে,এই ঘটনাত গভীৰ উদ্বেগ তথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছে৷সংগঠনটোৱে নিহত দুই স্হায়ী শ্ৰমিকৰ নিকটআত্মীয়ক বাগিচা কৰ্তৃপক্ষই উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবেও দাবী জনোৱাৰ লগতে বাগিচাখনৰ কলঘৰ পৰিদৰ্শক জনকো বৰ্খাস্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে৷ টনা সন্দৰ্ভত স্হানীয় শালনিবৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি সদৰি কৰি লগতে কয় যে,নিহত দুয়োজন শ্ৰমিকে বাগিচাখনত মিস্ত্ৰীৰ কাম কৰিছিল৷ ইতিমধ্যেই নিহত শ্ৰমিক দুজনৰ মৰণোত্তৰ পৰীক্ষা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত সম্পন্ন কৰি মৃতদেহ পৰিয়ালক গতাই দিয়া হৈছে৷ এই শোকাৱহ ঘটনাই বাগিচাখনত শোকৰ ছাঁ পেলাইছে৷

 

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More