তেজপুৰৰ ৰেষ্টুৰেণ্টৰ লিফ্টত শিশু-মহিলাক আৱদ্ধ কৰি মানসিক নিৰ্যাতন

একাংশ উদণ্ড জোৱানে বায়ুসেনাৰে গৰিমা লাঘৱ কৰা বুলি চৰ্চা

0 25

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,২৩এপ্ৰিল: আহাৰ গ্ৰহণ কৰিবলৈ অহা মহিলা-শিশুৱে অসুৰক্ষিত অনুভৱ কৰাৰ বিপৰীতে এই ক্ষেত্ৰত তেজপুৰৰ একাংশ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই সামান্যতম গুৰুত্ব নিদিয়ে । এই সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা সত্বেও আৰক্ষীয়ে গ্ৰহণ কৰা স্থিতিও ৰহস্যজনক হৈ পৰিছে। তেজপুৰৰ এক সম্ভ্ৰান্ত আৱাসিক অঞ্চল বাৰহলীয়াৰ এগৰাকী মহিলাই তেজপুৰ সদৰ আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰ অনুসৰি তেওঁৰ এগৰাকী ভগ্নী তথা ভিনিহিয়েক আৰু আত্মীয় তথা চাৰিটা শিশুসহ যোৱা ১৫এপ্ৰিলত তেজপুৰৰ মাজমজিয়াত থকা চেফ্ৰন নামৰ ৰেষ্টুৰেণ্টখনত আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল। প্ৰায় তিনি বজাত তিনিগৰাকী মহিলা তথা শিশুসহ তেওঁলোক ৰেষ্টুৰেণ্টখনৰ পৰা লিফ্টৰে নামি অহাৰ সময়তে সুৰামত্ত চাৰি-পাঁচজনীয়া এটা উদণ্ড যুৱকৰ দলে তেওঁলোকক লিফ্টত আৱদ্ধ কৰি ৰাখে। বাহিৰৰ পৰাই লিফ্টটো এবাৰ ওপৰলৈ আনবাৰ তললৈ উঠা নমা কৰাই শিশু মহিলাসকলক ১০মিনিটৰ অধিক সময় আৱদ্ধ কৰি ৰখাত শিশু আৰু মহিলাসকল আতংকিত হৈ পৰাৰ সময়তে ৰেষ্টুৰেণ্টত থকা আন একাংশ লোকে ঘটলাটো দেখি উদণ্ড লোককেইজনক বাধা দিয়াত লিফ্টটোত আৱদ্ধ হৈ পৰা শিশু মহিলাসকলে পৰিত্ৰাণ পায় । কিন্তু ইয়াৰ মাজতে সুৰামত্ত যুৱককেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । হিন্দীভাষী এই সুৰামত্ত যুৱককেইজনে নিজকে দেশৰ বায়ুসেনাৰ জোৱান বুলি পৰিচয় দিছিল । চেফ্ৰনৰ পানশালাত সুৰাপান কৰি এই অতপালি কৰা জোৱানসকলৰ উদ্ভণ্ডালি ৰোধ কৰিবলৈ ৰেষ্টুৰেণ্টখনত কোনো নিৰাপত্তাৰক্ষীও নাছিল । ৰহস্যজনকভাবে এই ঘটনা সন্দৰ্ভত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক অভিযোগ দিয়াত তেওঁলোকে সম্পূৰ্ণৰূপে নিৰ্বিকাৰ ভূমিকা পালন কৰাই নহয় দুস্কাৰ্য সংঘটিত কৰা লোকসকলক চিনাক্ত কৰাৰ উপৰি তেওঁলোকৰ অপকৰ্ম ধৰা পেলা পৰাকৈ ৰেষ্টুৰেণ্টত চিচিটিভি কেমেৰাৰো প্ৰয়োজনীয় ব্যৱস্থা নাই । অসামৰিক পোছাকত সুৰাপান কৰিবলৈকে অহা এই জোৱানসকলকো আনকি ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীয়েই কৌশলৰে পলায়ন কৰোৱাৰো অভিযোগ উঠিছে । পানশালা আৰু আহাৰৰ ব্যৱস্থা থকা ৰেষ্টুৰেণ্টখনত আহাৰ গ্ৰহণ কৰিবলৈ আহি শিশু মহিলা এনে অনাহুত পৰিস্থিতিৰ সন্মুখীন হোৱা আৰু ইয়াৰ পাছতো ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ নিৰ্বিকাৰ ভূমিকাৰ বিপৰীতে ভুক্তভোগী মহিলা এগৰাকীয়ে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়েও এইপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । ৰেষ্টুৰেণ্টখনত শিশু মহিলাৰ নিৰাপত্তা বিঘ্নিত হোৱা আৰু নিৰাপত্তাৰক্ষী তথা চিচিটিভি কেমেৰাৰ উপযুক্ত ব্যৱস্থা নথাকাত ইয়াৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ আহ্বান জনোৱা হৈছে । উল্লেখযোগ্য যে,দেশসেৱাৰ নামত সৰ্বসাধাৰণৰ পৰা যথেষ্ট সন্মান লাভ কৰা সকলৰে মাজৰ একাংশৰ এনে গৰ্হিত কাৰ্যই দেশৰ বায়ুসেনাৰে গৰিমা লাঘৱ কৰা বুলি সম্প্ৰতি তেজপুৰত চৰ্চিত হোৱাৰ লগতে বাহিনীটোৱে এইসকল উদণ্ড জোৱানক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও বহুসংখ্যক লোকে মন্তব্য কৰাৰ লগতে নিজা চৌহদত কঠোৰ নিয়ম শৃংখলা মনা আৰু আনকো মানিবলৈ বাধ্য কৰা সেনা তথা বায়ুসেনাৰ লোকে তেজপুৰ চহৰত যধেমধে যানবাহন ৰাখি পূৰ্বৰে পৰাই বিশৃংখলতাৰ সৃষ্টি কৰাৰো অভিযোগ উঠি অহাৰ সময়তে শেহতীয়া ঘটনাকলৈ সৰ্বসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More