তেজপুৰ আৰু বালিপৰাত ছিঙিল পথ

দলঙত সৃষ্টি হ’ল প্ৰকাণ্ড গাঁতৰ

0 21

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫মে’: ধাৰাবাহিক বৰষুণৰ পৰিণতিত শোণিতপুৰৰ একাধিক অঞ্চলত বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ লগতে পথ আৰু পকী দলঙৰ ক্ষতি সাধন কৰিছে। উল্লেখযোগ্য যে,তেজপুৰৰ নিকটৱৰ্তী অঞ্চল বেটনিঝাৰ আৰু কুকুৰবস্তি ঘগৰা আৰু ডিপোটা নৈৰ বানত বুৰ গৈছে।আজি পুৱা ঘগৰা নৈৰ বানে বেটনিঝাৰ পঞ্চায়তে নিৰ্মাণ কৰা বিন্দুকুৰি সংযোগী পথৰ এচোৱা কুকুৰবস্তি অঞ্চলত ছিঙি নিয়ে।ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰে।অঞ্চলটোৰ ৩৯টা পৰিয়ালৰ বাসগৃহ বৰ্তমান পানীৰ তলত। আনহাতে বেটনি অঞ্চলতো বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ উপৰি বৰ্তমান ইয়াৰ ২৮টা পৰিয়াল বানৰ কবলত পৰিছে।এই বানত বৃহত্তৰ অঞ্চলৰ বামখেতি নষ্ট হোৱা বুলি ৰাইজে প্ৰকাশ কৰিছে।ইপিনে,কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত তেজপুৰৰ নিকটৱৰ্তী বালিপৰাৰ জৰাসৰ নৈৰ ওপৰত থকা দলং খনত সৃষ্টি হৈছে এক বৃহৎ গাঁত।বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযোগী পথৰ ঢেকেৰীগাঁৱৰ সমীপত থকা জৰাসৰ দলঙত আজি হঠাতে দলঙৰ তলৰ মাটি খহি দলংখনৰ বালিপৰা দিশৰ ফালে সৃষ্টি হয় এটা বৃহৎ গাঁত।দলংখনত এনেদৰে এটা ভয়ংকৰ গাঁত সৃষ্টি হোৱাৰ ফলত দীৰ্ঘসময় যানবাহনৰ চলাচল বন্ধ হৈ যান-জঁটৰ সৃষ্টি হয়। অৱশ্যে পাছত সীমান্ত পথ নিৰ্মাণকাৰী সন্থাৰ বিষয়ববীয়া, শ্ৰমিক উপস্থিত হৈ গাঁতটো মেৰামতি কৰে যদিও দলংখনৰ এনে অৱস্থাই ৰাইজক শংকিত কৰিছে।ইপিনে ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত তেজপুৰ তথা শোণিতপুৰত ব্ৰহ্মপুত্ৰৰ লগতে জীয়াভৰলী,গাভৰু, জৰাসৰকে ধৰি সকলো নদ-নদী তথা উপনৈ সমূহৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু পৰিস্থিতি এনেদৰে থাকিলে শোণিতপুৰৰ আৰু অধিক অঞ্চল প্লাবিত হোৱাৰ আশংকাও বৃদ্ধি পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More