তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

0 23

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪জুন: তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত আজি দুপৰীয়া এজন ৰোগীৰ মৃত্যুৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ তুলি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে চিকিৎসককো অপদস্থ কৰে। পাছত চিকিৎসালয়ত আৰক্ষী মোতায়ন কৰাৰ লগতে স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাসহ শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,পল’ফিল্ড বামুণ গাঁৱৰ জোনমণি কোঁচ নামৰ এগৰাকী ৰোগীক কালি নিশা চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছিল। আজি দুপৰীয়া চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে আৰু ইয়াৰ বাবে ৰোগীৰ একাংশ আত্মীয়ই চিকিৎসক মৃদুৰূপম গগৈৰ হেমাহি আৰু ভুল চিকিৎসাৰ পৰিণতিত জোনমণিৰ মৃত্যুৰ অভিযোগ তুলি চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।পৰিয়ালৰ অভিযোগ মতে চিকিৎসকে ৰোগীক নোচোৱাকৈয়ে ঔষধ লিখি দি আঁতৰি যায় আৰু চিকিৎসালয়ৰ নাৰ্ছে দুটাকৈ চেলাইন দিয়ে। আজি পুৱাৰে পৰা ৰোগীৰ শাৰিৰীক অৱস্থাৰ অবনতি ঘটে আৰু তেজ বমি কৰে। চিকিৎসক গগৈয়ে এটা বেজী দিয়াৰ কিছুসময় পাছতে ৰোগীৰ মৃত্যু ঘটে। ইয়াৰ পাছতে চিকিৎসকৰ ভুল চিকিৎসাত ৰোগীৰ মৃত্যু ঘটে বুলি অভিযোগ তুলি একাংশই চিকিৎসক গগৈক অপদস্থ কৰে। আনহাতে,সুৰাপানৰ বাবেই লিভাৰ চিৰচিষ্টত আক্ৰান্তহৈ কোঁচৰ মৃত্যু হ’ল বুলি চিকিৎসক গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁকো উত্তেজিত লোকে অপদস্থ কৰে বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More