ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ বাটমাৰিত নৱনিৰ্মীত কনভেনচন চেন্টাৰ আনুষ্ঠানিকভাৱে কাইলৈ উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই। তাৰ পিছতে ইয়াত কাইলৈ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। আনহাতে, পিছৰ দুদিনত ইয়াতেই অনুষ্ঠিত হ’ব ৰাজ্যৰ উপায়ুক্তসকলৰ সন্মিলন।য’ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও অংশ ল’ব। ৰাজ্যিক কেবিনেট আৰু উপায়ুক্ত সন্মিলন অনুষ্ঠিত হ’ব লগীয়া এই কনভেনচন চেন্টাৰৰে সন্মিলন কক্ষৰ ভিতৰত আজি হোৱা এজাক বৰষুণত পৰিল পানী।উল্লেখযোগ্য যে, সন্মিলন কক্ষৰ ৮১১-৮১৩ নম্বৰ টেবুলৰ ওপৰত টোপাটোপে চিলিঙেৰে পৰা পানী পৰে।সেই সময়ত ইয়াত উপস্থিত থকা সাংবাদিকে বিষয়টো দৃষ্টিগোচৰ কৰাই ইয়াত উপস্থিত তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়াজনক।লগে লগে তৎপৰ হৈ উঠা ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে পানী পৰাৰ এই সমস্যা তৎকালে সমাধান কৰিবলৈ কৰ্মৰত শ্ৰমিকক নিৰ্দেশ দিয়ে।অৱশ্যে কৰ্মৰত শ্ৰমিকসকলে এয়া বৰষুণৰ নহয়, বাতানুকূল যন্ত্ৰৰ পৰা নিগৰা পানীহে বুলিহে উল্লেখ কৰিছে।কিন্তু যোৱা সময়চোৱাত এই যান্ত্ৰিক বিসংগতি ধৰা নপৰাৰ বিপৰীতে আজি হোৱা মুষলধাৰ বৰষুনৰ সময়তহে এনে হোৱাটোকলৈ ৰহস্যৰ মাৰ যোৱা নাই।
পূৰ্বৱৰ্তী লেখা