তেজপুৰ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁৱত অনুষ্ঠিত সাতদিনীয়া শিবিৰৰ সামৰণি

এশখন গ্ৰন্থ গ্ৰাম্য পুথিভঁৰাললৈ প্ৰদান অধ্যক্ষ ড° তপন কুমাৰ কলিতাৰ

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ মাৰ্চ : মহামানৱ মহাত্মা গান্ধীৰ ‘গাৱঁলৈ ঘূৰি যোৱা নীতি’ অনুসৰণ কৰি তেজপুৰ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত প্ৰতি বৰ্ষতে একোখনকৈ গাঁৱত বিদ্যাৰ্থীসকলক গ্ৰাম্য জীৱনৰ সৈতে সম্পৃক্ত কৰা আৰু পৰিগৃহীত গাঁৱত বিভিন্ন সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে কেইবাদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ মহাবিদ্যালয়খনে নকৈ পৰিগ্ৰহণ কৰা তেজপুৰ বেছেৰীয়া পঞ্চায়তৰ অন্তৰ্গত সোপোৰা চুবুৰী কলিতা গাঁৱত সাদিনীয়া কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়িকা বৰ্ণালী দেৱীৰ উদ্যোগত অৰ্ধশতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সাদিনীয়া শিবিৰৰ শুভ উন্মোচন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাই। সোপোৰা চুবুৰী ৰাইজৰ পৰম সহযোগত প্ৰাণ পাই উঠা এই শিবিৰত সৰ্পবান্ধৱ সৌৰভ বৰকটকী,অধ্যাপিকা অনামিকা দেৱী,চৰজিনা চাহিন শইকীয়া,ৰতন চৌধুৰী, শৰ্মিষ্ঠা দাস,নিশা নন্দা, অমিত ৰাজ কোঁৱৰ, অৰ্পণা চৌধুৰী,কুন্দন কুমাৰ ঠাকুৰ,শেখাৱত আগৰৱালা আদিয়ে সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়। শুভাৰম্ভণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠান উভয়তে সোপোৰা চুবুৰি কলিতা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গজেন্দ্ৰ কুমাৰ কলিতা, বিদ্যালয়ৰ সহকাৰী শিক্ষক চন্দন কুমাৰ দাস, কলিতা গাঁৱৰ মহিলা সমিতিকে ধৰি প্ৰতিটো অনুষ্ঠানে সহায় সহযোগ আগবঢ়ায়। সামৰণি অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাই গতি অসমৰ দ্বাৰা প্ৰকাশিত এশখন শিশু গ্ৰন্হ সোপোৰা চুবুৰী কলিতা গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পুথিভঁৰাললৈ উপহাৰ স্বৰূপে আগবঢ়াই শিশুৰ মনস্তত: আৰু সৰ্বাংগীন বিকাশত গ্ৰন্হ অধ্যয়নৰ অভ্যাসে শক্তিশালী ভূমিকা গ্ৰহণ কৰে বুলি মন্তব্য কৰে। ৰাইজৰ মাজৰ পৰা প্ৰধান শিক্ষক গজেন্দ্ৰ কুমাৰ কলিতাই সোপোৰা চুবুৰী কলিতা গাঁৱৰ সৈতে তেজপুৰ কন্যা মহাবিদ্যালয়ৰ এই আন্তৰিক সংযোগে অঞ্চলটোত শৈক্ষিক -সাংস্কৃতিক মান উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে। গাওঁখনৰ উন্নয়নৰ ক্ষেত্ৰত ছাত্ৰীসকলে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা এই সাদিনীয়া শিবিৰত শ্ৰেষ্ঠ স্বেচ্ছাসেৱিকাৰ সন্মান লাভ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰী নেহা কুমাৰীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More