তেজপুৰ কবি সন্মিলনৰ “বসন্তৰ আবেলিত কবিতাৰ গধূলি” শীৰ্ষক অনুষ্ঠান

অৰ্ধশতাধিক কবিৰ কবিতা পাঠেৰে জীপাল হ'ল তেজপুৰ সাহিত্য সভা ভৱন

0 38

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ মে’ঃ শ্ৰমিক দিৱস আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক মৃত্যুদিৱসৰ সংযোগ ঘটা কালিৰ বিশেষ দিনটোতে তেজপুৰ কবি সন্মিলনৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত “বসন্তৰ আবেলিত কবিতাৰ গধূলি” শীৰ্ষক স্বৰচিত কবিতা পাঠৰ এক বিশেষ কাব্যিক অনুষ্ঠানেৰে জীপাল হৈ পৰে তেজপুৰ সাহিত্য সভা ভৱন । বহুকেইগৰাকী কবি – লেখক – লেখিকাৰ সমাহাৰ ঘটা কাব্যানুষ্ঠানটিত সভাপতিত্ব কৰে তেজপুৰ কবি সন্মিলনৰ সভাপতি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অনন্ত কুমাৰ নাথে। কাব্যানুষ্ঠানটিৰ শুভাৰম্ভ ঘটে সভাপতি ড০ অনন্ত কুমাৰ নাথৰ দ্বাৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি অৰ্পনেৰে। তেজপুৰ কবি সন্মিলনৰ সহকাৰী সম্পাদক অধ্যাপক পল্লব ভট্টাচাৰ্য্যই আঁত ধৰা এই কাব্যানুষ্ঠানটিত বিশিষ্ট কবি ৰুণুমী বৰাৰ ‘নিস্তব্ধতাৰ কোলাহল” শীৰ্ষক কাব্য পুথিখন আনুষ্ঠানিকভাবে শুভ উন্মোচন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক গুণকান্ত বৰুৱাই। উন্মোচনী বক্তব্যত কবিতা হৃদয়ৰ পৰিভাষা বুলি মন্তব্য কৰি কবি ৰুণুমী বৰাৰ কবিতাৰ ভাষাত সহজ-সৰল গ্ৰাম্য চেতনাৰ আভাস পোৱা যায় বুলি মন্তব্য কৰে গুণকান্ত বৰুৱাই। লক্ষীমপুৰৰ ডিক্ৰং মহাবিদ্যালয়ৰ অধ্যাপক, সুবক্তা পূৰ্ণ কান্ত বৰা, তেজপুৰ কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰতাপ বৰা, ৰুণুমী বৰা,অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃদুল কুমাৰ চহৰীয়া, শোণিতপুৰ জিলা কবি সন্মিলনৰ সম্পাদক সংগীতা ৰাজখোৱাই আসন অলঙ্কৃত কৰা এই কাব্যনুষ্ঠানখনি সঞ্চালনা কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, ড০ .চাৰু চহৰীয়া নাথে।অনুষ্ঠানটিত বিশিষ্ট কবি নৰহৰি চুতীয়া, শশীপ্ৰভা দেৱী, দীপালী গোস্বামী মহন্ত, কল্পনা কলিতা, মমিতা ভট্টাচাৰ্য্য ,প্ৰতাপ বৰা, সংগীতা ৰাজখোৱা, মিনতি শৰ্মা, নিৰু নেওগ বৰা, সত্যদেৱ শৰ্মা, মিনাক্ষী দেৱী, অনুপ অসমীয়া, বিপ্লব শৰ্মা, মিনা মহন্ত, ক্ষীৰদা শইকীয়া বৰা, কল্পনা লহকৰ, প্ৰহ্লাদ তালুকদাৰ, বিউটি বৰা, কমলা গোস্বামী, নমিতা দাস নেওগ, চিনু পাঠক, তাপসী বৰ্মণ, অৰ্চনা মহন্ত, পিজু বনীয়া দাস, তৰুণ ৰাজ, অৰ্চনা দাস,দীপা হাজৰিকা বৰা,ৰঞ্জন শইকীয়া ,দিব্যজ্যোতি দাস, প্ৰদীপ গাভৰুপৰীয়া জুনু দেৱী, মুকুল গোস্বামী প্ৰমূখ্য কৰি প্ৰায় অৰ্ধ শতাধিক কবিয়ে স্বৰচিত কবিতা পাঠেৰে জীপাল কৰি তোলা পৰিলক্ষিত হয়। এই অনুষ্ঠানৰ প্ৰথমভাগতে উদ্দেশ্য ব্যাখ্যা কৰে তেজপুৰ কবি সন্মিলনৰ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু আদৰণী ভাষণ দাঙি ধৰে সভাপতি ড০ অনন্ত কুমাৰ নাথে। সঞ্চালিকাৰ আসনৰ পৰা সমীক্ষা আগবঢ়াই উৎকৃষ্ট মানৰ এনে কবিতাৰ চৰ্চাৰ আঁৰত সমাজ পৰিবৰ্তনৰ শক্তি নিহিত থাকে বুলি ড০. চাৰু চহৰীয়া নাথে মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More