তেজপুৰ কলা-বীথিকাৰ দ্বিতীয় বাৰ্ষিক যুৱ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

0 20

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩ ছেপ্টেম্বৰ: তেজপুৰৰ অসমীয়া ক্লাবৰ সভা কক্ষত তেজপুৰ কলা-বীথিকাৰ পঞ্চম প্রতিষ্ঠা দিৱস উপলক্ষে আজিৰ পৰা তিনিদিনীয়াকৈ এখন চিত্ৰকলাৰ প্ৰদৰ্শনী আৰম্ভ হয় |শোণিতপুৰ জিলাৰ উদীয়মান চিত্রশিল্পীসকলক উৎসাহ যোগোৱাৰ অৰ্থে ক্রমাগতভাবে দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত এই প্রদর্শনীখন আনুষ্ঠানিকভাবে মুকলি কৰে অসমীয়া ক্লাবৰ সভাপতি তথা প্রাক্তন বিচাৰপতি অৰুণা দেৱীয়ে |উদ্বোধনী ভাষণত ক্লাবটোৰ সভাপতিগৰাকীয়ে কয় যে অসম অধিকাৰ কৰাৰ পাছত বৃটিছ শাসকসকলৰ দিনত চিত্ৰশিল্পৰ আদৰ কমি যোৱা পৰিলক্ষিত হৈছিল কিন্তু পিছৰ পৰ্য্যায়ত বহুকেইজন পুৰোধা ব্যক্তিৰ সহযোগ আৰু অংশ গ্ৰহণত চিত্ৰশিল্পই আকৌ মূৰ দাঙি উঠিছিল।ষাঠিৰ দশকৰ পিছৰ পৰা চিত্ৰকলাৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ শিল্পীসকল আগবাঢ়ি আহিছিল | আজিৰ প্ৰদৰ্শনীখনো তেনে এক প্রচেষ্টাৰেই অংশ স্বৰূপ |তেজপুৰ কলা-বীথিকাৰ আহ্বায়ক,বিশিষ্ট চিত্র-ভাস্কৰ্য্য শিল্পী মৃগেন কলিতাৰ তত্বাৱধানত কলা-বীথিকাৰ সদস্যসকলৰ দ্বাৰা অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীখনত জিলাখনৰ মুঠতে পয়ত্ৰিশগৰাকী নৱ প্ৰজন্মৰ চিত্ৰশিল্পীয়ে অংশ গ্ৰহণ কৰে | তেওঁলোকৰ দ্বাৰা বিভিন্ন মাধ্যমত অংকিত ছয়ষষ্ঠীখন ভিন্ন ধৰ্মী চিত্ৰেৰে প্রদর্শনীখন অনুষ্ঠিত কৰা হয় |প্ৰদৰ্শনীখনত যোগদান কৰা শিল্পীসকল হৈছে -প্ৰজ্ঞাস্পৰ্শা হাজৰিকা,অংকিতা বৰা, নিশান্ত কুমাৰ নাথ,স্বপ্নীল কাশ্যপ, নিকুমাৰ দাস,পূবালী পটংগীয়া,বিনীতা সিং, ৰিতিমণি সূত, প্রিয়ংকা কাকতি,স্বেতা দে,নন্দিনী কাশ্যপ,মিন্টু কুৰ্মী,সন্দীপ নাথ,বিশাল সৰকাৰ,সুনীল নাথ,প্ৰণীতা ভূঞা,কমল চন্দ্ৰ বৰা, মণিকা দত্ত, পোহৰ বৰা, কংকনা নাথ, সুমন সূত্ৰধৰ, কুসুম কুমাৰী, অংকুৰ চহৰীয়া, নয়ন মণি হাজৰিকা,প্রজ্ঞা প্ৰিয়ম, পিংকি নাথ,কংকনা শ‍ইকীয়া,দীপিকা তালুকদাৰ, পৰিস্নাতা কৌশিক, কৃষ্ণ কমল শৰ্মা, নৃপাংগনা বি.কাশ্যপ,ৰিয়া কে.বৰা,ৰাঘৱ মহন্ত,ঋষিতা হালদাৰ আৰু সুমন পাল |উল্লেখ্য যে প্রদর্শনীখন অহা ৪ ছেপ্তেম্বৰ, দেওবাৰে দিনৰ এঘাৰ বজাৰ পৰা আবেলি তিনি বজালৈ দৰ্শকৰ বাবে মুকলি থকাৰ বিপৰীতে পাঁচ ছেপ্তেম্বৰ,সোমবাৰে সন্ধিয়া সাত বজালৈ মুকলি থাকিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More