তেজপুৰ কেঞ্চাৰ কেন্দ্ৰ উদ্বোধন

উচ্চমানৰ সেৱাৰ প্ৰতিশ্ৰুতি

0 26
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ , ২৮এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰৰ লগতে তেজপুৰ কেঞ্চাৰ চেন্টাৰ ভাৰ্ছুৱেলী মুকলি কৰাৰ লগে লগে তেজপুৰ কেঞ্চাৰ চেন্টাৰত উপস্থিত থকা ৰাজ্য চৰকাৰৰ জলসিঞ্চন, নগৰ উন্নয়ন আৰু গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহাল আৰু সাংসদ পল্লবলোচন দাস প্ৰমুখ্যে বিশিষ্ট লোকসকলে উস্ম আদৰণি জনায়। উল্লেখ্যযে ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ স’তে কৰা বুজাবুজিৰ ভিত্তিত ৰাজ্যত মুঠ চাৰি হাজাৰ কোটি টকীয়া প্ৰকল্পৰ অধীনত ১৭খন কেঞ্চাৰ কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে আৰু ইয়াৰে সম্পূৰ্ণ হোৱা সাতখনৰ আজি উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। উল্লেখযোগ্য যে, তেজপুৰ কেঞ্চাৰ চেন্টাৰত ২৯ এপ্ৰিলৰ পৰা চিকিৎসা সেৱা আৰম্ভ হ’ব আৰু কেঞ্চাৰ ৰোগীৰ বাবে অত্যাধুনিক চিকিৎসা ব্যৱস্থাৰ লগতে ৩৪খন বিছনা উপলব্ধ হ’ব। আনহাতে তেজপুৰ কেঞ্চাৰ চেন্টাৰত চিকিৎসা আৰম্ভ হোৱাৰ লগে লগে প্ৰথম অৱস্থাত কেঞ্চাৰ ৰোগী চিনাক্ত কৰাৰ লগতে তাৎক্ষনিক  চিকিৎসা আগবঢ়াব পৰা যাব বুলি  চিকিৎসালয়খনিৰ ৰেডিয়েছন বিভাগৰ মুৰব্বী  চিকিৎসক ডাঃ সঞ্জীৱ কুমাৰ গুপ্তাই সাংবাদিকৰ আগত সদৰি কৰে। জ্যেষ্ঠ চিকিৎসক গুপ্তাই কেঞ্চাৰৰ বিশ্ব মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়াবৰ বাবে সাজু তেজপুৰ কেঞ্চাৰ চেন্টাৰত অত্যাধুনিক লিনাক আৰু ব্ৰেচি থেৰাপিৰ দৰে অত্যাধুনিক যন্ত্ৰ সংযোজন কৰা হৈছে বুলি কয়। ইতিমধ্যেই ইয়াত প্ৰয়োজনীয় প্ৰায় সকলো যন্ত্ৰ উপলব্ধ কৰা হৈছে বুলিও প্ৰকাশ কৰে চিকিৎসক গুপ্তাই। আনহাতে এই চিকিৎসালয়ত প্ৰধানমন্ত্ৰীৰ আয়ুসমান ভাৰত আৰু অটল অমৃত কাৰ্ডৰ সহায়ত ৰোগীয়ে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব যদিও কাৰ্ড বিহীন ৰোগীৰ ক্ষেত্ৰত চিকিৎসা ব্যয় মহানগৰৰ চিকিৎসালয়তকৈ তিনি ভাগৰ এক অংশহে হ’ব বুলি কয়। চিকিৎসক গুপ্তাই ৰাজ্যখনত বছৰি ৫০হেজাৰ কেঞ্চাৰ ৰোগী চিনাক্ত হোৱাৰ বিষয়েও সদৰি কৰে। শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষন দিয়া তেজপুৰ কেঞ্চাৰ চেন্টাৰৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী সিংহাল, সাংসদ দাসৰ উপৰিও তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, চতিয়াৰ পদ্ম হাজৰিকা, বৰচলাৰ গণেশ কুমাৰ লিম্বু আৰু ৰঙাপৰাৰকৃষ্ণ কমল তাঁতী  প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশ গ্ৰহণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More