তেজপুৰ কৰ্কট কেন্দ্ৰত আৰম্ভ বৰ্হি বিভাগৰ চিকিৎসা সেৱা

 প্ৰথম দিনা ১১ গৰাকী কৰ্কট ৰোগীক সেৱা প্ৰদান

0 41
শতাব্দ  প্ৰতিনিধি তেজপুৰ, ২৯ এপ্ৰিলঃ  শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বৰডুবিৰ এজন ৪২ বছৰীয়া ককৰ্ট ৰোগত আক্ৰান্ত কৃষকে আজি তেজপুৰ কেন্সাৰ কেন্দ্ৰত চিকিৎসকক নিজ ৰোগ সন্দৰ্ভত সাক্ষাত কৰাৰ অন্তত চেণ্টাৰটোৰ পৰা ওলাই আহি অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট্ৰৰ যৌথ উদ্যোগত স্থাপন কৰা এই কৰ্কট সেৱা কেন্দ্ৰৰ সুবিধাৰ বাবে অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেন্দ্ৰটো ভাৰ্চুৱেলী শুভ উদ্বোধন কৰাৰ পাছত আজিৰে পৰা বৰ্হি বিভাগৰ চিকিৎসা সেৱা আৰম্ভ কৰা হয় আৰু কৃষকজন প্ৰথম গৰাকী ৰোগী হিচাপে পঞ্জীয়ন হোৱাত আজি তেখেতৰ সম্পূৰ্ণ মাচুল আৰু ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰা হয় । উল্লেখ্য যে, কৃষকগৰাকীৰ কাৰ্চিনমা কলনত আক্ৰান্ত বুলি ধৰা পৰাৰ পাছত ২০২১ চনত গুৱাহাটীৰ ডাঃ বি বৰুবা কৰ্কট প্ৰতিষ্ঠানত তেওঁৰ এটা অস্ত্ৰোপচাৰ সম্পন্ন হৈছে । চাৰিজনীয়া পৰিয়াল এটাৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পাছত তেওঁলোকে বহুতো আৰ্থিক আৰু মানসিক কষ্টত ভুগিব লগীয়া হৈছিল । এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত শাৰিৰীক দুৰ্বলতাৰ বাবে তেখেতে কৰ্মত পুনৰ যোগদান কৰিব পৰা নাই । আৰ্থিক অনাটনৰ বাবে পৰবৰ্তী চিকিৎসাৰ বাবে তেখেত গুৱাহাটীলৈ যাব পৰা নাছিল । প্ৰথমবাৰৰ বাবে কৰ্কট ৰোগ ধৰা পৰাত তেখেত সপ্তাহত দুবাৰকৈ চিকিৎসা গ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ যাবলগীয়া হৈছিল আৰু প্ৰতি বাৰতেই প্ৰায় ৪৫০০ কৈ টকা খৰচ কৰিব লগীয়া হৈছিল । আজি তেজপুৰ কৰ্কট কেন্দ্ৰৰ প্ৰথমগৰাকী ৰোগী হিচাপে পঞ্জীয়ন হোৱাত তেখেতৰ পৰা কেৱল ১০ টকা পঞ্জীয়নৰ মাচুল গ্ৰহণ কৰি বাকী সকলো সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হয় । তেখেতৰ পৰৱৰ্তী সময়ৰ চিকিৎসাৰ পৰিকল্পনাও আজি চিকিৎসক সকলে প্ৰস্তুত কৰে আৰু সেই সময়ছোৱাত হোৱা খৰচ চৰকাৰৰ অটল অমৃত অভিযান তথা প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত সামৰি লোৱা হ’ব ।  কৃষকগৰাকীয়ে ঘৰৰ ওচৰতে লাভ কৰা এই চিকিৎসা সেৱাৰ সুবিধাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । আজি বৰ্হি বিভাগৰ চিকিৎসা সেৱা আৰম্ভ হোৱা প্ৰথম দিনটোত ১১ গৰাকী কৰ্কট ৰোগীক সেৱা প্ৰদান কৰা হয় । উল্লেখ্য যে, তেজপুৰত স্থাপিত L3 কৰ্কট সেৱা কেন্দ্ৰৰ জৰিয়তে যিসকলক ৰোগীক ভৰ্তি কৰিব লগীয়া নহয় বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই,  তেওঁলোকক Radiation আৰু Chemotherapy ৰ সুবিধা প্ৰদান কৰা হ’ব । ইয়াত প্ৰায় সকলো আধুনিক ডায়গনষ্টিক সঁজুলি যেনে X-Ray, Mammography, CT Scan, MRI, Bronchoscopy ইত্যাদি আছে, লগতে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষাৰ বাবে Haemotological and Biochemical laboratoryৰ সুবিধা আছে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More