তেজপুৰ চহৰত নিশা বন্যহস্তীৰ চফৰ

0 44

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৭আগষ্ট: তেজপুৰ চহৰত আজি নিশা এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷তেজপুৰস্হিত বন কাৰ্যালয়ৰ সমীপৰ ফৰেষ্ট ঘাটৰে আহি হাতীটোৱে বন বিভাগৰ এখন বলেৰ’ বাহন ধ্বংস কৰে৷ ইয়াৰ পাছতে হাতীটোৱে ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্হানৰ সমীপৰে আহি পদুমপুখু্ৰী আৰু ত্ৰিমূৰ্তি উদ্যানৰ সমীপৰে কটন ৰ’ড হৈ জাহাজঘাটৰ দিশে গতি কৰে৷ এই সময়ত আন এখন বাহনৰো ক্ষতি সাধন কৰে হাতীটোৱে ৷ নিশা প্ৰায় ৮-৩০বজাত বনৰীয়া হাতীটোকলৈ চহৰখনত হুৱাদুৱা লাগে ৷ ইতিমধ্যে বনকৰ্মীয়ে হাতীটো খেদি নিয়ে যদিও বৰ্তমান প্ৰকাণ্ড হাতীটোৱে জাহাজঘাটৰ পুৰণা ৰে’ল ষ্টেচনৰ সমীপৰ এটা চৌহদত আশ্ৰয় লৈ আছে৷ হাতীটো লাওখোৱা অভয়াৰণ্যৰ পৰা ব্ৰহ্মপুত্ৰৰে উটি আহি তেজপুৰত প্ৰৱেশ কৰা বুলি আশংকা প্ৰকাশ কৰিছে বন বিভাগে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More