তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৭ মে’ঃ শোণিতপুৰ জিলাৰ চাহ জনগোষ্ঠীয় “স্বাধীনতা সংগ্ৰামী, শতবৰ্ষ গৰকা সোণাৰাম কুৰ্মীৰ জীৱন গাথা”, “স্বাধীনতা সংগ্ৰামী চাহ জনগোষ্ঠী সমাজৰ এৰা – বোটলা” আৰু চাহ জনগোষ্ঠীৰ সংগ্ৰামী “জননেতা ডানিয়েল তপ্ন” শীৰ্ষক তিনিখনকৈ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ আজি উন্মোচন কৰে তেজপুৰ সাহিত্য সভা ভৱনত ।বিহালী বিধান সভা সমষ্টিৰ বেদেতী পথাৰ গাঁও নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী,সু লেখিকা আলোচনা কুৰ্মীয়ে ৰচনা কৰা এই তিনিখনকৈ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচনৰ উদ্দেশ্যেৰে তেজপুৰ জনসাংস্কৃতিক পৰিষদে আয়োজন কৰা অনুষ্ঠানটিত বিশিষ্ট গীতিকাৰ, বাণ থিয়েটাৰৰ সভাপতি তথা বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাই “স্বাধীনতা সংগ্ৰামী শতাব্দী গৰকা সমাজকৰ্মী সোণাৰাম কুৰ্মীৰ জীৱন গাঁথা” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰাৰ লগতে প্ৰগতিশীল লেখক সঞ্জয় তাঁতীয়ে “জননেতা ডানিয়েল তপ্ন” শীৰ্ষক গ্ৰন্থ আৰু বিশিষ্ট অধিবক্তা, সমাজকৰ্মী বেণী তাঁতী চুণ্ডীয়ে “স্বাধীনতা সংগ্ৰামী চাহ – জনগোষ্ঠী সমাজৰ এৰা – বোটলা “শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি পাঠক সমাজলৈ অৰ্পণ কৰে। তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ সভাপতি, কবি তথা সুলেখিকা ৰাজু বৰুৱাৰ পৌৰোহিত্যত শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই আঁত ধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি আৰম্ভ হয় দীপা কুৰ্মী আৰু দিপীকা কুৰ্মীৰ এটা দিহানামেৰে।শিশু সাহিত্যিক বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰি তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই আস্হাহীনতা আৰু বিশ্বাসহীনতাৰ আজিৰ সময়খিনিত নিতৌ সংঘটিত হৈ থকা বহু বিক্ষিপ্ত ঘটনা প্ৰৱাহৰ মাজত এটা প্ৰত্যন্ত অঞ্চলৰ এগৰাকী অৱসৰী শিক্ষয়িত্ৰীৰ এনে গুৰুত্বপূৰ্ণ বিষয়ৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন হোৱাতো এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে। চাহ জনগোষ্ঠীয় লোকসকল কাহানিবাই অসমীয়া ভাষা – সাহিত্য-সংস্কৃতিৰ স’তে একাত্ম হৈ পৰাৰ পিছত সেই জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি আজি অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম অংগ হৈ পৰিছে বুলি মন্তব্য কৰি পংকজ বৰুৱাই আলোচনা কুৰ্মীৰ এই তিনিওখন গ্ৰন্থই জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মক উপকৃত কৰাৰ লগতে অসমীয়া সাহিত্যৰ ভৰাঁলো চহকী কৰিব বুলি আশা ব্যক্ত কৰি তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ এনে প্ৰয়াসৰ শলাগ জ্ঞাপন কৰে। দৰংমহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ ছাত্ৰী এনিশা কাশ্যপে এটা জ্যোতি কবিতা আবৃত্তি কৰা উন্মোচক তথা লেখক সঞ্জয় তাঁতীয়ে ডানিয়েল তপ্ন চাহ জনগোষ্ঠীৰ এগৰাকী সাহসী জননেতা আছিল বুলি মন্তব্য কৰি ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিক ভাৱেও যথেষ্ট সজাগ সচেতন ডানিয়েল তপ্নই প্ৰতিটো মুহূৰ্ততে এই জনগোষ্ঠীটোৰ প্ৰত্যেকটো সমস্যা সমাধানৰ কাৰণে অহোপুৰুষাৰ্থ কৰি গৈছিল বুলি কৈ আলোচনা কুৰ্মীৰ এনে প্ৰয়াসৰ শলাগ লয়। আনহাতে আন এগৰাকী উন্মোচক অধিবক্তা তথা সমাজকৰ্মী বেণী তাঁতী চুণ্ডীয়ে লেখিকা আলোচনা কুৰ্মীৰ সামাজিক দায়বদ্ধতা আৰু ইতিহাস প্ৰীতি তথা সংবেদনশীল মনৰ প্ৰসংগ উত্থাপন কৰি দেশৰ স্বাধীনতা সংগ্ৰামত চাহ জনগোষ্ঠীয় লোক সকলৰ অৱদান দুখন গ্ৰন্থত সন্নিৱিষ্ট হোৱাতো এক গুৰুত্বপূৰ্ণ দিশ বুলি মন্তব্য কৰে। উন্মোচনী অনুষ্ঠানটোত আন এগৰাকী উন্মোচক শিল্পী বংকিম শৰ্মাই জনচক্ষুৰ পৰা আঁতৰি থকা এগৰাকী শতবৰ্ষত ভৰি দিয়া চাহজনগোষ্ঠীয় স্বাধীনতা সংগ্ৰামীক এনেদৰে ৰাইজৰ সন্মুখলৈ উলিয়াই অনাতো এক মহৎ কৰ্ম হৈছে বুলি মন্তব্য কৰি লেখিকা আলোচনা কুৰ্মীৰ সাহসী প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে জনসাংস্কৃতিক পৰিষদক ধন্যবাদ জ্ঞাপন কৰে। সভাপতিৰ আসনৰ পৰা ৰাজু বৰুৱাইও বক্তব্য ৰখা অনুষ্ঠানটিত লেখিকা আলোচনা কুৰ্মীয়ে নিজৰ অনুভৱ সদৰী কৰি অতি সাৱলীল ভাৱে আটাইকেইখন গ্ৰন্থ লেখাৰ পটভূমি ব্যখ্যা কৰি উপস্থিত বিশিষ্ট ব্যক্তি সকলক আপ্লুত কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More