তেজপুৰ বিশ্ববিদ্যালয়ৰ বিপদাপন্ন ভাষা কেন্দ্ৰত চাৰিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন

0 47

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৪ জুন, তেজপুৰ বিশ্ববিদ্যালয়ত আজি চাৰিখনকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক বিনোদ কুমাৰ জৈনে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মদন মোহন শৰ্মা। অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ মুৰব্বীকে প্ৰমুখ্য কৰি কেন্দ্ৰটোৰ গৱেষণা সহযোগী আৰু ক্ষেত্ৰ সহায়ক, ভাষাৰ খবৰদাতা, অধ্যাপক, গৱেষক পণ্ডিত আৰু ভাষাবিজ্ঞান আৰু ভাষা প্ৰযুক্তি বিভাগৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে। বৰ্তমান বিভিন্ন বিশ্ববিদ্যালয়ত কৰ্মৰত কেন্দ্ৰটোৰ প্ৰাক্তন সদস্যসকলেও অনুষ্ঠানটোত উপস্থিত থাকে। উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চাৰিখনকৈ গ্ৰন্থ ক্ৰমে দ্য ফণেটিকচ এণ্ড ফনোলোজী অফ বিয়াতে, ৰাংখল, খেলমা, ওনামে, পুৰুম, লিয়াংমাই এণ্ড য়িমচুংগাৰ, দ্য মৰফ’লোজী অফ বিয়াতে, ৰাংখল, খেলমা, ওনামে, পুৰুম, লিয়াংমাই এণ্ড য়িমচুংগাৰ,‌ দ্য চিন্টেক্স অফ বিয়াতে, ৰাংখল, খেলমা, ওনামে, পুৰুম, লিয়াংমাই এণ্ড য়িমচুংগাৰ, আৰু য়িমচুংগাৰ য়ুথা চিংনু আনিখিতপু খেহুমৰ উন্মোচন কৰা হয়। এই গ্ৰন্হসমূহ সম্পাদনা কৰে ক্ৰমে অধ্যাপক মধূমিতা বৰবৰা, অধ্যাপক গৌতম কুমাৰ বৰা, ড° অৰূপ কুমাৰ নাথ, ড° বিপাশা পাটগিৰি, ড° অমলেশ গোপ, ড° ববিতা চাৰাংথেম, ড° ধনপতি চৌগ্ৰাকপাম আৰু ড° মনালী লংমাইলাইয়ে। এই কিতাপসমূহৰ প্ৰকাশ ইউজিচিৰ দ্বাৰা কিতাপ, অভিধান আৰু পঢ়া সামগ্ৰী প্ৰস্তুত আৰু প্ৰকাশ কৰাৰ বাবে কেন্দ্ৰৰ দ্বাৰা প্ৰস্তাৱিত আদেশৰ সৈতে সংগতি ৰাখি কৰা হৈছিল। চিএফইএলৰ সমন্বয়ক, অধ্যাপক মধুমিতা বৰবৰাই তেখেতৰ আদৰণি ভাষণত কেন্দ্ৰ-গৱেষণা সহযোগী, ক্ষেত্ৰ সহায়ক, ভাষা -খবৰদাতা আৰু শিক্ষকৰ সৈতে জড়িত সকলো কৰ্মচাৰীক উত্তৰ-পূব ভাৰতৰ কেইবাটাও কম পৰিচিত ভাষাৰ documentation ত তেওঁলোকৰ অৱদানৰ বাবে অভিনন্দন জনায়। তেখেতে কেন্দ্ৰটোত বৰ্তমান চলি থকা নৃতাত্ত্বিক বিষয়ৰ গৱেষণা আৰু অভিধানৰ বিষয়েও অৱগত কৰে। ভাষাবিজ্ঞান আৰু ভাষা প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক গৌতম কুমাৰ বৰাই তেখেতৰ ভাষণত কয় যে, স্কট ডি লেন্সীৰ দৰে বিশেষজ্ঞৰ দ্বাৰা কিতাপসমূহৰ সন্দৰ্ভত কৰা উচ্চ প্ৰশংসাৰ কথা উল্লেখ কৰে। কেন্দ্ৰটোত কাম কৰা সকলোকে অভিনন্দন জনাই, তেজপুৰ বিশ্ববিদ্যালয়ৰ মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞান বিদ্যালয়ৰ ডীন, অধ্যাপক ফাৰহিনা দান্তাই তেখেতৰ মন্তব্যৰ জৰিয়তে কেৱল ভাষাবোৰৰ নথিভুক্ত আৰু ৰেকৰ্ডিং কৰাই নহয়, ভাষিক বিশ্লেষণৰ পিছৰ পৰ্যায়লৈ ওলোৱাৰ বাবেও কেন্দ্ৰটোক প্ৰশংসা কৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালৰ গ্ৰন্থাগাৰিক ড° মুকেশ শইকীয়াই ভাষণৰ জৰিয়তে কেন্দ্ৰটো স্থাপনৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন উপাচাৰ্য এম. কে. চৌধুৰীৰ ভূমিকাৰ কথা স্মৰণ কৰে। মুখ্য অতিথি অধ্যাপক ভি.কে. জৈনে কেন্দ্ৰৰ সদস্যসকলে দেখুওৱা আন্তৰিকতা আৰু নিষ্ঠাৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰে। তেখেতৰ মন্তব্য মতে “ভাষাবোৰে কেৱল এটা সম্প্ৰদায়ক বিশেষত্ব প্ৰদান নকৰে কিন্তু পৰম্পৰাগত জ্ঞানৰ আধাৰ বহন কৰাৰ দৰে সাংস্কৃতিক সম্পদ হিচাপেও কাম কৰে। এই সন্দৰ্ভত কেন্দ্ৰৰ পৰা প্ৰকাশিত কিতাপসমূহ অত্যন্ত উপযোগী হ’ব,”। ৰাংখোল আৰু য়িমচুংগাৰ সম্প্ৰদায়ৰ তৰফৰ পৰা উপস্থিত থকা লোকসকলে তেওঁলোকৰ ভাষাসমূহৰ বিষয়ে গৱেষণা কৰাৰ বাবে কেন্দ্ৰটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More