তেজপুৰ বিশ্ববিদ্যালয়ৰ মঞ্চত “তোমাৰ নিবিড় মায়াৰে” অসমীয়া নাট প্ৰদৰ্শন

0 86

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে স্বাধীন থিয়েটাৰৰ সহযোগত ২৯ আগষ্টত “তোমাৰ নিবিড় মায়াৰে” নামেৰে এখন অসমীয়া নাটক মঞ্চস্থ কৰে। নাটখনৰ মূল অভিনেত্ৰী, অভিনেতা আছিল অপৰ্ণা দত্ত চৌধুৰী আৰু সত্যজিৎ গগৈ। প্ৰতিষ্ঠিত নাট্যকাৰ ঋতুপৰ্ণ দাসে নাটকখনৰ ৰচনা আৰু পৰিচালনা কৰিছিল । তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (কেবিআৰ) প্ৰেক্ষাগৃহত নাটকখন মঞ্চস্থ কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জুৰি দত্তই অনুষ্ঠানৰ আঁত ধৰে। অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা মুৰব্বী ড° সুব্ৰত জ্যোতি নেওগে আদৰণি ভাষণ প্ৰদান কৰে আৰু উদ্বোধনী ভাষণ প্ৰদান কৰে সমাজ বিজ্ঞান বিভাগৰ অধ্যাপক চন্দন কুমাৰ শৰ্মাই। এই নাটকখন মূলত অসমক কেন্দ্ৰ কৰি, ইয়াৰ বিভিন্ন সামাজিক-ৰাজনৈতিক সমস্যাৰ ওপৰত আধাৰিত । মাত্ৰ দুটা চৰিত্ৰৰে নিৰ্মিত এঘণ্টীয়া নাটকখনে সাহিত্য, সমাজ আৰু ৰোমান্টিক দিশক সাঙুৰি লৈছে লগতে দুয়োটা চৰিত্ৰই কেইটামান ফোন কলৰ জৰিয়তে নিজৰ নিজৰ চিন্তাধাৰা নাটকৰ জৰিয়তে উপস্থাপন কৰিছে। সুন্দৰ অভিনয় আৰু গভীৰ অধ্যয়ন আৰু চিন্তাৰে লিখা এই নাটকখনে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নাটকখনৰ পৰিচালক, অভিনেতা-অভিনেত্ৰী আৰু অন্যান্য কলাকুশলীৰ ধন্যবাদ জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি পৰে লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু তথ্য বিষয়া অম্বোৰীশ বৰদলৈয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইজনমান প্ৰাক্তন ছাত্ৰয়ে নিৰ্মাণ কৰা, চি এন ডি প্লে এপত ষ্ট্ৰীমিং হোৱা সদ্য মুকলি হোৱা ৱেব ছিৰিজ “কলংপাৰ”ৰ বিষয়েও দৰ্শকক অৱগত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More