তেজপুৰ বিশ্ববিদ্যালয়ত ‘অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী’ শীর্ষক আলোচনা-সত্ৰ সম্পন্ন 

0 55

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩আগষ্ট: ভাৰতবৰ্ষৰ ৭৫ বছৰ পূর্তি উপলক্ষ্যে, বছৰজুৰি উদযাপিত ‘মহাৰজত জয়ন্তী’ৰ বিশেষ পদক্ষেপ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কালি তেজপুৰ বিশ্ববিদ্যালয়ত ‘অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী’ বিষয়ক এখন আলোচনা-সত্ৰ অনুষ্ঠিত হয়৷ পুৱা দহ বজাৰপৰা আৰম্ভ হোৱা আলোচনা-সত্ৰখনৰ উদ্বোধনী অধিৱেশন আয়োজক সমিতিৰ সভাপতি ড° সুব্রত জ্যোতি নেওগৰ আদৰণী ভাষণেৰে আৰম্ভ হয়। আলোচনা-সত্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে, সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মন্দাকিনী বৰুৱাই। উদ্বোধনী ভাষণ প্ৰদান কৰে, বিশ্ববিদ্যালয়ৰ সম-উপাচার্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই। অধ্যাপক ভট্টাচার্যই আলোচনা-সত্ৰখনিৰ গুৰুত্ব সন্দৰ্ভত নিজৰ বক্তব্য দাঙি ধৰে। উদ্বোধনী সত্ৰত উপস্থিত থকা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বীৰেন দাসে তেওঁৰ বক্তব্যত চন্দ্ৰনাথ শৰ্মা আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ স্বাধীনতা সংগ্ৰামৰ ভূমিকাৰ কথা আলোচনা কৰে৷ আলোচনা সত্ৰখনৰ মূল ভাষণ প্ৰদান কৰে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই। ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উপদেষ্টা অধ্যাপক শিলা বৰাই বক্তব্যত স্বাধীনতা সংগ্ৰামত অসমীয়া নাৰীৰ ভূমিকাৰ কথা উল্লেখ কৰে। মূল-ভাষণত ড° শৰ্মাই বিশেষকৈ চলচ্চিত্ৰ আৰু পাঠ্যপুথিৰ জৰিয়তে লোক-মানসত প্ৰতিষ্ঠিত হৈ পৰা ইতিহাসৰ বিপৰীতে অল্প চৰ্চিত ইতিহাসৰ চৰ্চাৰ প্ৰয়োজনৰ কথা উত্থাপন কৰে। আলোচনা-সত্ৰৰ উদ্বোধনী অধিৱেশনত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জুৰী দত্তৰ ‘সাহিত্য, সমাজ আৰু সাহিত্য-তত্ত্ব’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ অসমৰ প্ৰখ্যাত ইতিহাসবিদ অধ্যাপক শিলা বৰাই সঞ্চালনা কৰা প্ৰথম অধিৱেশনত গৱেষণা-পত্ৰ উপস্থাপন কৰে ড° ধনমণি কলিতা, ড° তৰুণ গগৈ আৰু ড° সঞ্জীৱ চাহুৱে। অধ্যাপক বৰাই ‘স্বাধীনতা সংগ্ৰামত নাৰীৰ অংশগ্ৰহণত অনুঘটক হিচাপে অসম মহিলা সমিতিৰ ভূমিকা, ১৯২১-৪৭’ শীর্ষক গৱেষণা-পত্ৰখন উপস্থাপন কৰে। ড° কলিতাই ‘মণিৰাম দেৱান আৰু ব্ৰিটিছ ৰাজৰ সম্পৰ্ক’ৰ বিষয়ে আলোচনা কৰে ৷ ড° গগৈয়ে ‘লোক-সেৱক হলধৰ ভূঞাৰ স্বাধীনতা সংগ্ৰামত ভূমিকা’ সম্পর্কে আলোকপাত কৰে। ড° চাহুৱে শ্ৰীদাম চন্দ্ৰ মহন্তৰ আত্মজীৱনী আই.এন.এ.ৰ অসমীয়া সৈনিকৰ আত্মজীৱনী’ক ভিত্তি কৰি আই.এন.এ.ত অসমৰ অংশগ্ৰহণৰ ইতিহাসৰ এক মনোজ্ঞ উপস্থাপন আগবঢ়ায়। আলোচনা-সত্ৰৰ দ্বিতীয় অধিৱেশনৰ সঞ্চালকৰ আসন গ্ৰহণ কৰে অভিধান প্রণেতা, ইতিহাসবিদ, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱব্ৰত শৰ্মাই। ড° শৰ্মাই ‘অসম ব্ৰিটিছৰ অধীনলৈ যোৱাৰ সময়ৰপৰা ১৯৪৭ চনলৈকে সংগ্ৰামত লিপ্ত হোৱা অল্প-চর্চিত বা একেবাৰে চৰ্চালৈ নহা আদিবাসী, সংখ্যালঘু আৰু নাৰী সংগ্ৰামীসকলৰ অৱতাৰণাৰে এক মনোজ্ঞ আলোচনা আগবঢ়ায়। এই সত্ৰখনত গৱেষণা-পত্র উপস্থাপন কৰে ড° সঞ্জীৱ ডেকা আৰু ড° জুৰি দত্তই। ড° ডেকাই ‘স্থানীয় প্রকাশ, ভিন্ন বাগধাৰা আৰু ইতিহাসঃ পুষ্পাম কঁহাৰ আৰু লচিমাৰ কৃষক সকলৰ বিদ্রোহ’- এই বিষয়ত আলোচনা আগবঢ়ায়। ড° দত্তই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অল্প-চর্চিত ঢকুৱাখনা মহকুমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে এখন গৱেষণা-পত্ৰ পাঠ কৰে৷ আলোচনা সত্ৰখনৰ অন্তিমখন সত্ৰ সঞ্চালনা কৰে, ইতিহাসবিদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক চন্দন কুমাৰ শৰ্মাই। এই সত্ৰখনত গৱেষণা-পত্র পাঠ কৰে- কিশোৰ গোস্বামী, ড° মাধুৰিমা গোস্বামী আৰু কুহি কাশ্যপে ৷ কিশোৰ গোস্বামীয়ে ‘যোৰহাটৰ নাৰীসকলৰ স্বাধীনতা সংগ্ৰামত ভূমিকা সম্পর্কে আলোচনা কৰে। ড° মাধুৰিমা গোস্বামী আৰু ৰুহি কাশ্যপে ‘তেজপুৰৰ নাৰীসকলৰ স্বাধীনতা সংগ্ৰামত ভূমিকা সম্পর্কে গৱেষণা-পত্র উপস্থাপন কৰে। দিনজোৰা কাৰ্যসূচীৰ মাজত দুগৰাকী উদীয়মান গৱেষকক গৱেষণা-পত্র উপস্থাপন কৰিবৰ বাবেও এখন মঞ্চ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে, তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ পি.এইচ.ডি. গৱেষক বর্ণিল জোনাক ফুকন আৰু ডিমৌ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক চবনম বিছা সোণোৱালে৷ এইদৰে অগতানুগতিক বিষয়ৰ ১২খন গৱেষণা-পত্ৰ উপস্থাপনেৰে সম্পন্ন হোৱা আলোচনা সত্ৰৰ আঁত ধৰে অসমীয়া বিভাগৰ অতিথি অধ্যাপক সুশান্ত ৰাজখোৱাই। আলোচনা-সত্ৰৰ শেষত সঞ্জীৱ পল ডেকাৰ দ্বাৰা পৰিচালিত তথ্যচিত্র ‘চাউলখোৱা ১৯৮৩’ প্রদর্শিত হয়। আলোচনা-সত্ৰত পঠিত গৱেষণা-পত্ৰসমূহ অতি সোনকালে সম্পাদিত ৰূপত গ্ৰন্থাকাৰে প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আলোচনা সত্ৰৰ সমন্বয়ক জ্যোতিষ্মান দাসে জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More