তেজপুৰ বিশ্ববিদ্যালয়ত দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোঁৱৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত অজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোৱঁৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা ৷আজি প্ৰথমখন খেলত কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ অনুপস্হিতিত কটন বিশ্ববিদ্যালয়ে ৱাকঅভাৰ লাভকৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে ৷আনহাতে, আজিৰ দ্বিতীয় খন খেলত মাধৱদেৱ বিশ্ববিদ্যালয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ক ৫১ ৰাণত পৰাস্ত কৰে ৷ টছত জিকি বড়োলেণ্ড বিশ্ববিদ্যালয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত আঠ উইকেটৰ বিনিময়ত মাধৱদেৱ বিশ্ববিদ্যালয়ে ১১৫ ৰাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে ৷ দলৰ হৈ সুনীল সিঙে সৰ্বাধিক ৩৯ ৰাণ কৰে৷আনহাতে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সাগৰনীল নাথ আৰণ বসুমতাৰীয়ে তিনিটাকৈ উইকেট লাভ কৰে ৷ প্ৰত্যুত্তৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ে বেটিং কৰি মাত্ৰ ১৩.১ অভাৰত মাত্ৰ ৬৪ ৰাণতে ইনিংছ সামৰি ৫১ৰাণত পৰাজয়ৰ সন্মুখীন হয় ৷ দলৰহৈ তিবেন্দ্ৰজিৎ বড়োৱে সৰ্বাধিক ১৭ ৰাণ সংগ্ৰহ কৰে ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ হৈ পৰশ মান্নাই পাঁচটা আৰু সুনীল সিঙে তিনিটা উইকেট দখল কৰি প্ৰতিপক্ষৰ বেটিং লাইনআপত খহনীয়াৰ সৃষ্টি কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More