তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনত সাংবাদিকৰ সুৰক্ষাৰ সম্পৰ্কত বিশেষ অনুষ্ঠান সম্পন্ন

0 31

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনত সাংবাদিকৰ সুৰক্ষাৰ সম্পৰ্কত “Journalist Safety Session” নামেৰে এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এইচ পি ৰিস্ক মেনেজমেণ্টৰ সঞ্চালক তথা সাংবাদিক সুৰক্ষা সমিতিৰ পৰামৰ্শদাতা ,কলিন পেৰেইৰা আৰু সাংবাদিক সুৰক্ষা সমিতিৰ ভাৰতৰ প্ৰতিনিধি কুণাল মজুমদাৰ । ইয়াৰোপৰি তেজপুৰ জিলাৰ অন্য বহুকেইজন সাংবাদিক অনুষ্ঠানটোত উপস্থিত থাকে।উল্লেখ্য যে, সাংবাদিক সুৰক্ষা সমিতি (CPJ: Committee to Protect Journalist) হৈছে আমেৰিকাৰ এটা স্বতন্ত্ৰ অলাভজনক, বেচৰকাৰী সংস্থা । উক্ত সংস্থাটোৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত আৰু ইয়াৰ সংবাদদাতা বিশ্বজুৰি বিস্তৃত হৈ আছে। ইয়াৰ মূূল উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিকৰ অধিকাৰ ৰক্ষা সন্দৰ্ভত প্ৰচাৰ কৰা। আৰম্ভণিতে গৱেষণা আৰু উন্নয়নৰ ডীন অধ্যাপক ড° ধনপতি ডেকাই তেখেতৰ বক্তৃতাৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে। পৰৰ্বতীকালত অনুষ্ঠানটোৰ বিশেষ অতিথি কলিন পেৰেইৰাদেৱে সাংবাদিকসকলৰ সুৰক্ষা সম্পৰ্কত মূল্যবান কিছুমান তথ্য দাঙি ধৰে । এইক্ষেত্ৰত তেওঁ সাংবাদিকসকলৰ সুৰক্ষাৰ লগত জড়িত বিভিন্ন দিশসমূহ আলোচনা কৰে । বৰ্তমান সময়ত সাংবাদিকৰ মৃত্যুৰ হাৰ আৰু ইয়াৰ অন্তনিৰ্হিত কাৰণ সম্পৰ্কে আলোচনা কৰাৰ উপৰি সাংবাদিকসকলে কিদৰে নিজৰ সুৰক্ষাৰ বাবে পদক্ষেপ ল’ব সেই সন্দৰ্ভত ব্যাখ্যা কৰে। অনুষ্ঠানটিৰ মাজে মাজে তেও শিক্ষাৰ্থীসকলৰ মতামতৰ লগতে সাংবাদিকতাৰ সন্দৰ্ভত সাংবাদিকসকলৰ কিছু ব্যক্তিগত অভিজ্ঞতা জানিবলৈও চেষ্টা কৰে ।এইসন্দৰ্ভত তেজপুৰৰ এগৰাকী সাংবাদিকে কা আন্দোলনৰ সময়ত তেওঁলোকে সন্মুখীন হোৱা এটি ঘটনাৰ চমু বিবৰণ দিয়ে ।তেখেতে কিছুমান বিশেষ ভিডিঅ প্ৰৰ্দশন কৰি বিষয়টো সাৱলিলভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰে । তাৰোপৰি কোনোধৰণৰ বিপদসংকুল পৰিবেশত এজন সাংবাদিক হিচাপে কেনেদৰে নিজক সুৰক্ষিত অৱস্থাত ৰাখিব লাগিব সেই সম্পৰ্কত তেখেতে বিশ্ববিদ্যালয়ৰে দুগৰাকী শিক্ষাৰ্থীৰ সৈতে অভিনয়ৰ যোগেৰে বুজাবলৈ চেষ্টা কৰে। ইয়াৰ পৰবৰ্তী পৰ্যায়ত কুণাল মজুমদাৰদেৱে সাংবাদিকসকলৰ অধিকাৰ সম্পৰ্কত বিভিন্নধৰণৰ তথ্য উপস্থাপন কৰে । তাৰোপৰি চি পি জেৰ মুখ্য ৱেবচাইটত কেনেধৰণেৰে পূ্ৰ্বৰ সাংবাদিকতা সম্পৰ্কীয় তথ্যসমূহ লাভ কৰিব পাৰিব সেই সন্দৰ্ভতো পৰাৰ্মশ প্ৰদান কৰে । অনুষ্ঠানটিৰ অন্তত শিক্ষাৰ্থীসকলৰ সাংবাদিকতা বৃত্তিক লৈ থকা বিভিন্ন ধৰণৰ প্ৰশ্নসমূহৰ যুক্তিযুক্ত উত্তৰ কলিন পেৰেইৰা আৰু কুণাল মজুমদাৰদেৱে প্ৰদান কৰে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড° কপৌ মালাকাৰে সাংবাদিকসকলৰ বাবে প্ৰত্যাহ্বান তীব্ৰতৰ কৰি তোলাত ইণ্টাৰনেটৰ ভূমিকা আৰু উদ্যোগ আৰু শিক্ষা জগতৰ মাজত সহযোগিতা সম্পৰ্কে আদৰণি ভাষণত আলোচনা কৰে।তেওঁ বিশ্ববিদ্যালয় পৰ্যায়ত সাংবাদিকক সুৰক্ষা প্ৰদান কৰাৰ বাবে এক বিজ্ঞানসন্মত পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ প্ৰাসংগিকতা সম্পৰ্কে আলোচনা কৰে, যিটো অনুষ্ঠানটিৰ মুখ্য উদ্দেশ্য হিচাপে বিবেচিত কৰিব পাৰি।অনুষ্ঠানটোত বিভাগটিৰ অধ্যাপক ড° জয়া চক্ৰৱৰ্তীয়ে বিশ্বজুৰি সাংবাদিকসকলৰ বিপদৰ মূল্যায়ন আৰু সেইবোৰ পৰিচালনা, প্ৰতিহত আৰু আলোচনা কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক ফলপ্ৰসূ বক্তৃতাও প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More