তেজপুৰ বিশ্ববিদ্যায়লৈ নাকৰ এ+গ্ৰেড

0 13

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: দেশৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে(নাক)এ+ গ্ৰেড প্ৰদান কৰিছে। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনে দেশৰ শীৰ্ষ সাত শতাংশ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে,এইবাৰ মূল্যায়নত তেজপুৰ বিশ্ববিদ্যালয়ে চাৰি পইন্টৰ মাত্ৰাৰ ভিতৰত ৩.৪১পইন্ট অৰ্জন কৰে, যিটো বিশ্ববিদ্যালয়খনে পূৰ্বে লাভ কৰা পইন্টতকৈ অধিক৷ স্মৰ্ত্তব্য যে যোৱা পহিলা আগষ্টৰ পৰা তিনি আগষ্টত নাকৰ ছয়জনীয়া দলে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ সকলো দিশ পৰ্যবেক্ষণ কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More