তেজপুৰ বিহগুৰিত নাৱৰ পৰা পৰি শোকাবহ মৃত্যু মাছ ব্যৱসায়ীৰ

0 10
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮জুলাইঃ ত‍েজপুৰৰ নিকটৱৰ্তী বিহগুৰিত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। বিহগুৰিৰ পুঠিমাৰী বাপুভেটি অঞ্চলৰ চন্দ্ৰকান্ত দাস(৪৫)ওৰফে সুনীল নামৰ লোকজন ব্ৰহ্মপুত্ৰৰ বৰাকটা শিমলুডুবি বিলত পৰি যায় আৰু তেওঁৰ মৃতদেহ পাছত উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে। তেজপুৰৰ বিহগুৰিৰ ব্ৰহ্মপুত্ৰ গাভৰু নদীৰ সংগমস্থলৰ বিলখনত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। ঘটনাৰ বিবৰণী অনুসৰি, আজি দিনৰ প্ৰায় ১১ বজাত বিগত প্ৰায় ২২বছৰে মৎস্য ব্যৱসায়ৰ পানীত জড়িত চন্দ্ৰ কান্তই আন দিনাৰ দৰে আজিও  নদীলৈ যায়। নাৱেৰে গৈ থকা অৱস্থাত এজোৰ সাপ দেখা পায়। স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে, দাসৰ নাওঁখন ওচৰ পোৱাৰ সময়তে সাপ দুটা আহি নাওঁখনত উঠে। এই ঘটনাত লোকজন আতংকিত হয় আৰু  নাৱৰ পৰা পানীত পৰি যায়। এই ঘটনা স্থানীয় এজন লোকে পাৰৰ পৰা দেখি আছিল যদিও শাৰিৰীক ভাবে অসুস্থ লোকজনে নৈত পৰি যোৱা চন্দ্ৰকান্তক সহায় কৰিব নোৱাৰিলে। কিছু সময়ৰ পাছত স্থানীয় একাংশ লোক ঘটনা স্থলিত উপস্থিত হৈ নদীত ডুব মাৰি চন্দ্ৰকান্তক বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান লাভত ব্যৰ্থ হয়।পাছত হাজাৰি বৰশী নদীত পেলাই বহু সময় কৰা চেষ্টাৰ অন্তত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা স্থলিত উপস্থিত হোৱা নদী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দিনৰ প্ৰায় ১২ বজাত উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, মৃত চন্দ্ৰ কান্ত তিনিটা সন্তানৰ পিতৃ আছিল। নদীত মাছমৰীয়েই পৰিয়ালটো চলাই থকা চন্দ্ৰ কান্তৰ এই শোকাৱহ মৃত্যুৱে ৰুগীয়া পিতৃ সহ পৰিয়াটোলৈ গভীৰ সংকট নমাই আনিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More