তেজপুৰ সাহিত্য চ’ৰাৰ সদৌ অসম আৰু জিলা ভিত্তিত সাহিত্য প্রতিযোগিতাৰ আয়োজন 

0 286

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নবেম্বৰঃ তেজপুৰৰ অন্যতম অগ্ৰণী সাহিত্যানুষ্ঠান তেজপুৰ সাহিত্য চ’ৰাই বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ২০২২-২৩ বৰ্ষৰ সদৌ অসম আৰু জিলা ভিত্তিত এলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ এই সন্দৰ্ভত সাহিত্য চ’ৰাৰ তৰফৰ পৰা জানিবলৈ দিয়া সদৌ অসম ভিত্তিত আয়োজন কৰা সাহিত্য প্ৰতিযোগিতা সমূহ এনেধৰণৰ – ‘কনক চন্দ্ৰ চৌধুৰী সোঁৱৰণী গল্প প্রতিযোগিতা’ (উচ্চ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ অধ্যয়নৰত), ‘শুৱলা চৌধুৰী সোঁৱৰণী কবিতা প্ৰতিযোগিতা’ (উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ অধ্যয়নৰত), ১৫০০ শব্দৰ ভিতৰত ‘ভাৰতীয় মহাকাশ অভিযানৰ সাম্প্ৰতিক অগ্ৰগতি’ শীৰ্ষক বিষয়ত ‘ধর্মদাস চৌধাৰী সোঁৱৰণী প্ৰৱন্ধ প্ৰতিযোগিতা’ (উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক অধ্যয়নৰত), ১৫০০ শব্দৰ ভিতৰত ‘ অসমৰ বাহিৰত শ্ৰীমন্তশঙ্কৰদেৱৰ চৰ্চা’ শীৰ্ষক বিষয়ত ‘হৰিণ চন্দ্ৰ কলিতা সোঁৱৰণী বৈষ্ণৱ সাহিত্য প্রতিযোগিতা’ (স্নাতক ১ম বৰ্ষৰ পৰা স্নাতকোত্তৰ অধ্যয়নৰত), ‘কিৰণবালা চৌধুৰী সোঁৱৰণী হাস্যৰসাত্মক কবিতা প্ৰতিযোগিতা’ (উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ অধ্যয়নৰত), আৰু ‘দিলীপ কুমাৰ শ‍ইকীয়া সোঁৱৰণী শিশু কবিতা প্রতিযোগিতা’ ৭ম শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত ৷ আনহাতে শোণিতপুৰ জিলা ভিত্তিত আয়োজন কৰা প্ৰতিযোগিতাসমূহ হ’ল ১০০০শব্দৰ ভিতৰত ‘গ্ৰন্থ অধ্যয়ন আন্দোলন’ শীৰ্ষক বিষয়ত ‘দুর্গা তালুকদাৰ সোঁৱৰণী প্ৰবন্ধ প্ৰতিযোগিতা’ (৮ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ), ১০০ শব্দৰ ভিতৰত ‘জাতীয় বীৰ লাচিত বৰফুকন’ শীৰ্ষক বিষয়ত ‘হেমচন্দ্ৰ শ‍ইকীয়া আৰু লাহৰী শ‍ইকীয়া সোঁৱৰণী বুৰঞ্জীমূলক প্রবন্ধ প্রতিযোগিতা’ (৮ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) ,১০০০ শব্দৰ ভিতৰত ‘নৱপ্ৰজন্মৰ দৃষ্টিত শ্ৰীমন্তশঙ্কৰদেৱ’ শীৰ্ষক বিষয়ত ‘তেজপুৰ শঙ্কৰদেৱ জন্ম জয়ন্তী (৫৫০ তম) বৈষ্ণৱ সাহিত্য প্রতিযোগিতা’ ৮ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৷ ইচ্ছুক প্রতিযোগীসকলে উল্লেখ কৰা বিষয়ত ফুলস্কেপ কাগজৰ এপিঠিত নিজ হাতৰ আখৰেৰে লিখিব লাগিব লেখা সমূহ শিক্ষানুষ্ঠানৰ অধ্যক্ষ/প্রধান শিক্ষকৰ দ্বাৰা স্বাক্ষৰিত হ’ব লাগিব। লেখাসমূহ জমা দিয়াৰ অন্তিম দিন অহা ৩০ ডিচেম্বৰ ৷ ইচ্ছুক প্ৰতিযোগীসকলক লেখাসমূহ – অক্ষয় কুমাৰ মিশ্র, সম্পাদক, তেজপুৰ সাহিত্য চ’ৰা, ঊষা নগৰ, তেজপুৰ (উপপথ- ১৬) ঠিকনালৈ প্ৰেৰণ কৰিবলৈ আৰু ৯৪৩৫৪৯০৪৯৩ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More