তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৫ সংখ্যক বৈঠকত দিলীপ কুমাৰ বৰাৰ কাব্য গ্ৰন্থ “জাহ্নৱী” উন্মোচন

তেজপুৰ প্ৰবীণ লেখক - সাহিত্যিকৰ গল্প, প্ৰবন্ধ, কবিতা, ৰম্য ৰচনা আদি পাঠ আৰু লেখাৰ আলোকপাতেৰে জীপাল হ'ল বৈঠক

0 31

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী: জীৱনৰ প্ৰৌড় বয়সতো মানসিক খাদ্যৰে সুস্বাস্থ্য গঢ়ি প্ৰশান্তিৰে জীৱন অতিবাহিত কৰিব বিচৰা তেজপুৰৰ একাংশ লেখক – সাহিত্যিকে ১৯৭৭ চনতে গঢ় দিয়া সাহিত্যৰ অনুষ্ঠান “তেজপুৰ সাহিত্য চ’ৰা” ৰ ৫৩৫ সংখ্যক বৈঠকৰ আজিৰ দিনটোত সাহিত্যনুৰাগী দিলীপ কুমাৰ বৰাৰ কাব্য গ্ৰন্থ “জাহ্নৱী” আনুষ্ঠানিক ভাৱে উন্মোচন কৰে তেজপুৰ সাহিত্য চ’ৰাৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ কলিতাই। সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীৰ খৰাআটিৰ বাসগৃহত অনুষ্ঠিত হোৱা আজিৰ বৈঠকখন আৰম্ভ হয় বিশিষ্ট পুৰাতত্ত্ববিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ মংগলাচৰণ আৰু চ’ৰাৰ সম্পাদক অক্ষয় কুমাৰ মিশ্ৰৰ পূৰ্বৰ বৈঠকৰ কাৰ্যবিৱৰণী পাঠেৰে। বিগত সময়ত পৰলোকপ্ৰাপ্তি ঘটা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ প্ৰতি মৌন প্ৰাৰ্থনাৰে আৰম্ভ হোৱা বৈঠকৰ কাব্য গ্ৰন্থ উন্মোচনী ভাষণত ৰমেশ চন্দ্ৰ কলিতাই দীৰ্ঘদিন ধৰি চ’ৰাৰ সৈতে জড়িত হৈ অহা দিলীপ কুমাৰ বৰাই বিভিন্ন সময়ত বিভিন্ন লেখাৰ লগতে কাব্য চৰ্চা কৰি অহাৰ পিছত এনে এখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাটো এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে। আনহাতে কবি দিলীপ কুমাৰ বৰাই নিজৰ অনুভৱ সদৰী কৰি আজি মাঘী পূৰ্ণিমা আৰু গংগাৰ পুত্ৰ ভীষ্ম জন্ম হোৱা আজি পৱিত্ৰ দিনটোত গংগাৰ লগত নামৰ মিল থকা গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই ধন্য হৈছোঁ বুলি মন্তব্য কৰে। বৈঠকত অশীতিপৰ দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জীতেন গোস্বামীয়ে “বন্ধুত্বৰ এনাজৰি” শীৰ্ষক গল্প পাঠ কৰাৰ পিছত গল্পটিৰ ওপৰত আলোকপাত কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট ঔপন্যাসিক ড° ভূপেন শইকীয়াই। সেইদৰে বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সুৰেশ কুমাৰ আৰ্য্যই স্বৰচিত “ঋষিকল্প নীলমণি” শীৰ্ষক প্ৰবন্ধ পাঠ কৰাৰ পিছত এই প্ৰবন্ধৰ নিৰ্মোহ আলোচনা কৰে অধ্যাপক ড° প্ৰাণজিৎ হাজৰিকাই ।বৈঠকত বিশিষ্ট বুৰঞ্জীবিদ ভুবন চন্দ্র গগৈয়ে “সুগন্ধি আলয়” শীৰ্ষক স্বৰচিত গল্প পাঠ কৰাৰ পিছত দিলীপ কুমাৰ বৰা আৰু অধ্যাপক ড° সঞ্জয় ডেকা আৰু বিশিষ্ট বিজ্ঞান লেখক ড° ৰমেশ চন্দ্ৰ গোস্বামীয়ে ইয়াৰ ওপৰত আলোচনা আগবঢ়াই। ড০ জীতেন্দ্ৰ চৌধাৰীয়ে পাঠ কৰা “অনুভূতি” শীৰ্ষক কবিতাৰ ওপৰত আলোকপাত কৰে বিশিষ্ট শিক্ষাবিদ, বিজ্ঞান লেখক ডঃ ৰমেশ চন্দ্ৰ গোস্বামীয়ে। দৰংমহাবিদ্যালয়ৰ অধ্যাপক ড° সঞ্জয় ডেকাই “কবিতা” শীৰ্ষক কবিতা পাঠ কৰাৰ পিছত তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যই এই কবিতাৰ ওপৰত আলোচনা আগবঢ়োৱাৰ লগতে শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই পাঠ কৰা স্বৰচিত গল্প “বিবেক” ৰ ওপৰত আকৌ আলোচনা আগবঢ়াই আন এগৰাকী গল্পকাৰ হৰেশ্বৰ গোস্বামীয়ে। এনেদৰে গল্প, কবিতা, প্ৰবন্ধ আদিৰে জীপাল হোৱা অনুষ্ঠানটিত তেজপুৰৰ প্ৰবীণ চিকিৎসক, সাহিত্যনুৰাগী ডা০ প্ৰদীপ বৰুৱাই বিগত সময়ৰ ক’ভিড সৃষ্ট পৰিবেশেত বহুগৰাকী লোক স্বাস্থ্যজনিত সমস্যাত কেনেদৰে পৰিছিল তাক সদৰী কৰি মানুহৰ শৰীৰত হোৱা ৫১০ বিধমান ৰোগ ৭০ শতাংশ পানীৰ পৰাই হয় বুলি মন্তব্য কৰি বিশুদ্ধ পানী খোৱাৰ ওপৰত আলোকপাত কৰি খাদ্যপ্ৰাণৰ ওপৰতো আলোকপাত কৰে। অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাৰ লগতে দেৱদত্ত দাসেও আলোকপাত কৰা বৈঠকত বিশিষ্ট পুৰাতত্ত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ লগতে আন কেইগৰাকীয়েও সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা অনুষ্ঠানটি সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ সভাপতিৰ মন্তব্য আৰু মোহন গোস্বামীৰ শলাগ জ্ঞাপনৰে সামৰণি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More