তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৮ সংখ্যক বৈঠক সম্পন্ন

0 10

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ এপ্ৰিল : তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৮ সংখ্যক বৈঠকখনি আজি চ’ৰাৰ জ্যেষ্ঠ সদস্য, বিশিষ্ট গল্পকাৰ মানিক বৰাৰ চ’ৰা ঘৰত অনুষ্ঠিত হয়। চ’ৰাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভা বিশিষ্ট পুৰাতত্ত্ববিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ মঙ্গলাচৰণেৰে আৰম্ভ হয়। প্ৰয়াত নাট্যশিল্পী নৰেণ লহকৰ, দৰং মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ সত্যেন্দ্ৰ নাথ শৰ্মা, মনিপুৰৰ গোষ্ঠী সংঘৰ্ষত নিহত হোৱা ব্যক্তিসকল, কাশ্মীৰত নিহত হোৱা পাঁচজন সেনা জোৱানকে প্ৰমুখ্য কৰি প্ৰয়াত জ্ঞাত-অজ্ঞাত লোকসকলৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে এক মিনিট সময় চ’ৰাৰ সদস্যসকলে প্ৰাৰ্থনা জনায়। ইয়াৰ পিচতে সম্পাদক অক্ষয় মিশ্ৰই বিগত ৫৩৭ সংখ্যক বৈঠকৰ প্ৰতিবেদন পাঠ কৰে। অহা ২১ মে’ত অনুষ্ঠিত হ’বলগীয়া তেজপুৰ সাহিত্য চ’ৰাৰ দ্বিবাৰ্ষিক অধিবেশন সম্পৰ্কে চ’ৰাৰ আজিৰ বৈঠকৰ আগলি ভাগতেই বিশদভাবে আলোচনা হয়। অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাই মুখ্য অতিথি হিচাপে আসন অলঙ্কৃত কৰিবলগীয়া আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই চ’ৰাৰ মুখপত্ৰ ‘চয়নিকা’ৰ শুভ উন্মোচন কৰিবলগীয়া এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ সম্পাদক অক্ষয় কুমাৰ মিশ্ৰই সকলো সদস্যকে আহ্বান জনাই আৰু তেজপুৰ বিদ্বৎ সমাজৰ উপস্হিতি বিনম্ৰতাৰে কামনা কৰে। বিশ্ব হাস্য দিৱসৰ সৈতে সংযোগ ঘটা আজিৰ এই বৈঠকত চ’ৰাৰ জ্যেষ্ঠ সদস্য অধ্যাপক ড° সুৰেশ কুমাৰ আৰ্যই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে এটি হাস্য মধুৰ কাহিনী কৈ সকলোকে হাঁহিৰ খোৰাক দিয়ে। সম্পাদক অক্ষয় কুমাৰ মিশ্ৰই পুৰণি দিনৰ হাস্য মধুৰ মুহূৰ্তৰ স্মৃতি ৰোমন্হন কৰি সকলোকে আমোদ দিয়ে। চ’ৰাৰ জ্যেষ্ঠ সদস্য, বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ বৰুৱাই তেওঁৰ চিৰাচৰিত খুহুতীয়া বক্তব্যৰ মাজেৰে প্ৰবল হাস্যৰসৰ সৃষ্টি কৰি সকলোকে আত্মহাৰা কৰি তোলে। ডাঃ বৰুৱাই ‘সময়’ শীৰ্ষক হাস্য-ব্যঙ্গাত্মক এটি অৰ্থবহ কবিতাও পাঠ কৰে। সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই হাস্য-ব্যঙ্গ সাহিত্যৰ ইতিহাস ব্যাখ্যা কৰি সকলোকে আপ্লুত কৰাৰ লগতে হাস্য ৰস সম্বলিত তিনিটি কাহিনীৰে উপস্হিত সকলোকে আমোদ দিয়ে। ড° জীতেন গোস্বামীয়ে বৃটিছৰ আমোলৰ এটি হাস্যৰসাত্মক কাহিনীৰে সকলোকে হাস্যৰসৰ আনন্দ দিয়ে। চ’ৰাৰ সদস্য দেৱ দাস, নৰেণ গোস্বামী, গল্পকাৰ কুমুদ দাসেও বিজ্ঞানৰ এটি কৌতুকেৰে সকলোকে হাস্য ৰসৰে আপ্লুত কৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ৰবীন দত্ত আৰু চ’ৰাৰ জ্যেষ্ঠ সদস্য দিলীপ বৰায়ো বক্তব্যৰ মাজেৰে হাস্য ৰসৰ সৃষ্টি কৰে।তেজপুৰ সাহিত্য চ’ৰাৰ আজিৰ এই বৈঠক সদস্য মানিক বৰাৰ কৃতজ্ঞতাৰ শৰাই প্ৰদানৰে অন্ত পৰে। পৰবৰ্তী বৈঠক ৪ জুন ২০২৩ তাৰিখে চ’ৰাৰ সদস্য শেখৰ বৰুৱাৰ ঘৰত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More