তেজপুৰ ৱাৰ মেমোৰিয়েলত আৰ্ম ফৰ্চ ফ্লেগ দিৱস উদযাপন

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে কাৰ্গিল যুদ্ধৰ আহত সৈন্য কেপ্তেইন ঘনকান্ত কেওটত চিকিৎসালয়ত দেখা কৰি কৈছিল যে পুনৰ যুদ্ধ ক্ষেত্ৰলৈ যাব পাৰিবা নে । কাৰ্গিল যুদ্ধৰ সময়ত বাতালিকত শত্ৰুৰ গুলিত গুৰুত্বৰ ভাবে হোৱা তেজপুৰ সৈনিক কেওটে আজি আৰ্ম ফৰ্চ ফ্লেগ দিৱসত এই বিষয়ে বৰ্ণনা কৰি কয় যে কাৰ্গিল যুদ্ধৰ স্মৰণীয় কাহিনীৰ কথা ।IMG 20221207 WA0093 আজি ফ্লেগ দিৱস উপলক্ষে কেপ্তেইন কেওটৰ লগতে শোণিতপুৰ জিলাৰ ৮ গৰাকী বীৰ নাৰীক ভাৰতীয় সেনাৰ চতুৰ্থ কৰৰ ষ্টেচন কামাণ্ডাৰ আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ দ্বাৰা সন্মানিত কৰে। বিগত৭৫ বছৰত দেশ মাতৃৰ হকে সৰ্বোচ্চ বলিদান দিয়া বীৰ সৈনিক সকলৰ স্মৰণ কৰি তেজপুৰ আৱৰ্ত ভৱনৰ ৱাৰ মেমোৰিয়েলত চতুৰ্থ ক’ৰৰ ষ্টেচন কামাণ্ডাৰ ব্ৰিগেদিয়েৰ সঞ্জীৱ কুমাৰ ভোৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত উৎপল বৰা আৰু ৰুমী বৰাই শ্ৰদ্ধাঞ্জলি জনায় ।উক্ত অনুষ্ঠানতে ১৯৭১ চনৰ কাৰ্গিল যুদ্ধৰ বীৰ সৈনিক বীৰেন শইকীয়াক সন্মান প্ৰদান কৰে ।তেজপুৰ ৱাৰ মেমোৰিয়েল ১৯৬২ চনৰ চীন ভাৰতৰ যুদ্ধৰ সাক্ষী হিচাপে স্থাপন কৰিছিল। তেজপুৰ জিলা সৈনিক ৱেলফাৰ এছোচিয়েচনৰ তথা জিলা প্ৰশাসনে আয়োজন কৰা এই ফ্লেগ দিৱসত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলৰ পৰিয়ালক কিঞ্চিত সকাহ দিয়াৰ বাবে প্ৰত্যেক বছৰেই আজিৰ অৰ্থাৎ ৭ ডিচেম্বৰত এই দিৱস উদযাপন কৰি আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More