থলুৱা জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণ-উন্নয়নৰ বাবে বিশেষ পদক্ষেপ অসম কৃষি বিশ্ববিদ্যালয়ৰ 

0 22
শতাব্দ প্ৰতিনিধি,যোৰহাট ,২৮ জুন : অসমৰ থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণৰ জৰিয়তে সামগ্ৰিকভাবে ৰাজ্যৰ থলুৱা কৃষি অৰ্থনীতিক আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে অসম কৃষি বিশ্ববিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এই পদক্ষেপৰ অংশ হিচাপে ৰাজ্যৰ থলুৱা জনগোষ্ঠী বড়ো কছাৰীসকলৰ মাজত কৃষিৰ নতুন জাগৰণ অনাৰ প্ৰয়াসেৰে বিশ্ববিদ্যালয়ে জনগোষ্ঠীটোৰ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে এখন উচ্চস্তৰীয় পৰ্যালোচনা সভাৰ জৰিয়তে  মিলিত হয় ।’ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ অন্তৰ্গত গ্ৰাম্য যুৱ প্ৰজন্মৰ বাবে কৃষি ভিত্তিক বহনক্ষম জীৱিকা’  শীৰ্ষক বিষয়ত কালি  অনুষ্ঠিত  এই পৰ্যালোচনা  সভাত জনগোষ্ঠীটোৰ কৃষি পৰিক্ৰমা আৰু সম্ভাৱনীয়তাৰ ওপৰত বিশদভাবে আলোচনা কৰা হয় । বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ
সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত বৈঠকখনত মুখ্য অতিথি হিচাপে বক্তব্য প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে গাহৰি পালন ,মৎস্য পালন,হাঁহ- মুৰ্গী পালনৰ দৰে কৃষিৰ ক্ষেত্ৰসমুহ বড়োসকলৰ বাবে অতি সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে । এইসমুহ ক্ষেত্ৰত মনোনিবেশ কৰিলে বড়ো জাতিৰ কৃষিৰ জৰিয়তে বৈপ্লবিক উত্তৰণৰ সম্ভাৱনা আছে । সমান্তৰালভাবে এইসমুহ উৎপাদন কৰিবলৈ যাওতে প্ৰয়োজন হোৱা খাদ্যৰ অভাৱ পূৰণৰ দিশতো ঔদ্যোগীক দৃষ্টিভংগীৰে মনোনিবেশ কৰি মাকৈ আৰু ছয়াবীনৰ দৰে খেতিৰ প্ৰসাৰত অধিক গুৰুত্ব দিব লাগিব । প্ৰসংগক্ৰমে তেখেতে গাহৰি  পালক মনোজ বসুমতাৰী ,কণী উৎপাদক আকাশজ্যোতি গগৈ আৰু মীনপালক দেৱজিত বৰ্মণৰ সফলতাৰ কাহিনী উল্লেখ কৰি বিশ্ববিদ্যালয়ে এই বছৰ ৫০০ বিঘা মাটিত প্ৰদৰ্শনমুলক ছয়াবিনৰ খেতিৰ পৰিকল্পনা কৰাৰ বিষয়ে সদৰি কৰে ।বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য(কৃষি) প্ৰদীপ স্বৰ্গীয়াৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত বক্তব্য ৰাখি  অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে ভাষণত কয় যে  এটা জাতিৰ  উন্নয়ন পৰিষদে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত জাতিটোৰ কৃষি তথা আৰ্থসামাজিক উন্নয়নৰ বাবে আগবাঢ়ি আহিছে । যিটো অতি শুভ লক্ষণ । বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সভাপতি গাম্বৰু মুছাহাৰীয়ে কয় যে এই আলোচনাৰ জৰিয়তে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ  আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত যি যোগাযোগ স্থাপন হল এয়া এক ঐতিহাসিক পদক্ষেপ  । বি টি এলেকাৰ উপৰিও ইয়াৰ বাহিৰত থকা ২২ খন জিলা আৰু সামগ্ৰিকভাবে  বড়ো কছাৰীৰ মুঠ জনসংখ্যাৰ কৃষিৰ লগত জৰিত ৯২শতাংশ লোকক এই আলোচনাই উপকৃত কৰিব । তেখেতে বিশ্ববিদ্যালয়ৰ সমল ব্যক্তিসকলৰ পৰাও সকলো ধৰণৰ দিহা পৰামৰ্শ পাব বুলি আশা প্ৰকাশ কৰে । ইথানল প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা কুঁহিয়াৰকে কৰি কোনবোৰ শস্য লাভজনক হব তাৰবাবে আলোচনা হব লাগে । বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে  কি খেতি কৰিলে আমাৰ বড়ো কছাৰী যুৱক যুৱতীসকল লাভান্বিত হব তাক নিৰ্ণয় কৰি এই সভাই সহায় কৰিব । এই পৰ্যালোচনা বৈঠকত ব্যৱসায়িক ভিত্তিত আলুখেতিৰ সম্ভাৱনীয়তা ,অত্যাধুনিক পদ্ধতিৰে মীনপালন, পশুপালন আৰু পাম ব্যৱস্থাপনা,অৰ্কিড নাৰ্চাৰী স্থাপন আৰু প্ৰতিপালন,তৈলবীজ আৰু তৈলশস্যৰ উৎপাদন , জৈৱিক কৃষিৰ পাম ব্যৱস্থাপনা আদি বিষয়ত বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী আৰু অধ্যাপকে সমল ব্যক্তি হিচাপে আলোচনা আগবঢ়ায় ।সভাৰ আৰম্ভণিতে বড়ো জাতিৰ নায়ক প্ৰয়াত উপেন ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যদান আৰু বন্তি প্ৰজ্বলন কৰা হয় ।সভাৰ শুভাৰম্ভণি অনুষ্ঠানত কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা , সামুহিক বিজ্ঞানগুৰু ড° ৰূমা ভট্টাচাৰ্য, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ,সহযোগী কৃষি গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়া ,ৰেচম মহাবিদ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° উৎপল কটকী,সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক  ড° মনোৰঞ্জন নেওগৰ লগতে পৰিষদৰ আটাইকেইজন কাৰ্যবাহী সদস্য আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বীসকল  উপস্থিত থাকে  ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More