দক্ষিণ আফ্ৰিকা অপ্ৰৰোচিত গুলীচালনাত ১৪ জন নিহত

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : আমেৰিকা আৰু নৰৱেৰ পিছত এইবাৰ দক্ষিণ আফ্ৰিকাত বন্দুকধাৰীৰ আক্ৰমণ। ৯ জুলাই শনিবাৰে গভীৰ নিশা এদল বন্দুকধাৰীয়ে দেশখনৰ নাইট ক্লাবত আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১৪ জন লোক নিহত হয়। বহু আঘাতপ্ৰাপ্ত হয়। এনে ঘটনা কিয় সংঘটিত হ’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জোহান্সবাৰ্গৰ স্বাটা চহৰৰ এটা নাইট ক্লাবত বন্দুকধাৰীয়ে এই আক্ৰমণ চলায়। আৰক্ষীৰ প্ৰাথমিক তদন্তত কোৱা হৈছে যে কেইবাজনো লোকে টেক্সি আৰু মিনিবাছত আক্ৰমণ চলায়। দুৰ্বৃত্তই নাইট ক্লাবৰ সন্মুখত গাড়ী ৰখাই ধাৰাসাৰ গুলীচালনা কৰে। কমেও ১১ জন লোকৰ থিতাতে মৃত্যু হয়। পিছত আৰু ১৪ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে দুজনৰ মৃত্যু হয়। ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পায়। ১০ জুলাইৰ পুৱা আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহ আঁতৰোৱাও দেখা যায়। বহু গুলীৰ খোলা উদ্ধাৰ কৰা হয়। হঠাতে নাইট ক্লাবটোত হোৱা আক্ৰমণৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি ৯ জুলাইৰ নিশা নাইট ক্লাবটোত বহু লোক সমবেত হৈছিল। বন্দুকৰ গুলীৰ শব্দ শুনি সকলোৱে পলাবলৈ চেষ্টা কৰিছিল। কিন্তু এই ঘটনা কেনেদৰে সংঘটিত হ’ল তাৰ সবিশেষ এতিয়াও আৰক্ষীৰ ওচৰত নাই। প্ৰাৰম্ভিক ধাৰণা যে বন্দুকধাৰীয়ে অত্যাধুনিক আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিছিল। প্ৰসংগক্ৰমে উল্লেখ্য যে, ইখনৰ পিছত সিখন দেশত বন্দুকধাৰীয়ে আক্ৰমণ চলাই আছে। তেওঁলোকৰ লক্ষ্য নাইট ক্লাব, গীৰ্জা। বন্ধৰ দিনত য’ত সাধাৰণ জনতা সমবেত হয়। যোৱা মাহৰ ২০ তাৰিখে ৱাশ্বিংটন ডি চিৰ সংগীত কনচাৰ্টৰ ওচৰৰ ভিৰ কৰা অঞ্চলত বন্দুকধাৰীয়ে যাদৃচ্ছিকভাৱে গুলীচালনা কৰিছিল। ইয়াৰ পিছতে বন্দুকধাৰীয়ে নৰৱেৰ এটা নাইট ক্লাবত আক্ৰমণ চলায়। এইবাৰ বন্দুকৰ গুলী দক্ষিণ আফ্ৰিকাৰ নাইট ক্লাবত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More