দময়ন্তী দেৱীলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “শ্বহীদ কনকলতা বঁটা”

১৬ অক্টোবৰত শিৱসাগৰৰ দ্বিবাৰ্ষিক অধিৱেশনত প্ৰদান কৰিব এই বঁটা

0 16

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ ছেপ্টেম্বৰঃ নিষ্ঠাবান সমাজকৰ্মী, মানৱসেৱী, শন্তিদূত দময়ন্তী দেৱীলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আগবঢ়াইছে” শ্বহীদ কনকলতা বঁটা । উল্লেখ যে, স্বাধীনতা সংগ্ৰামী, ৪২ ৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ ২০ ছেপ্টেম্বৰৰ মৃত্যু তিথিৰ দিনটোৰ লগত সংগতি ৰাখি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ২০১২ চনৰ পৰা ৰাজ্যখনৰ একোগৰাকী মহিলা মুক্তিযোদ্ধাক এই বঁটা প্ৰদান কৰি আহিছে।IMG 20220923 WA0049 1 ২০ ছেপ্টেম্বৰৰ দিনটো “জাতীয় চেতনা দিৱস” হিচাপে উদযাপন কৰি এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও অনিবাৰ্য্য কাৰণবশতঃ এইবাৰ ২০ ছেপ্টেম্বৰত এই অনুষ্ঠান আয়োজনৰ পৰা বিৰত থাকিব লগা হোৱাত অহা ১৬ অক্টোবৰত শিৱসাগৰত অনুষ্ঠিত হ’ব লগা সমিতিৰ ঊনবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনত এইবছৰৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব কস্তুৰবা ট্ৰাষ্টৰ শৰণীয়া আশ্ৰমৰ নিষ্ঠাবান সমাজকৰ্মী, মানৱসেৱী শন্তিদূত দময়ন্তী দেৱীক। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° চাৰু চহৰীয়া নাথ আৰু প্ৰধান সম্পাদিকা ড° থুনু কলিতাই তেজপুৰত এক বিবৃতিৰ জৰিয়তে এই বঁটাৰ কথা ঘোষণা কৰে। মনকৰিবলগীয়া যে, শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰতিবছৰেই ২০ ছেপ্টেম্বৰত “জাতীয় চেতনা দিৱস” আয়োজন কৰি এই বঁটা প্ৰদান কৰি আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More