দলং নিৰ্মাণৰ দাবীত নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদঃ

তিনিবাৰ ফলক লাগিলেও নিৰ্মাণ নহ’ল দলং

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১ মাৰ্চঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ নাহৰবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজাবাৰী চকৰ পৰা নাহৰবাৰী হৈ উলুবাৰীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথত তথা নাহৰবাৰীত দলং নিৰ্মাণৰ দাবীত সংগঠনটোৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তা সকলে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰক, ৰাজাবাৰীৰ পৰা উলুবাৰীলৈ যোৱা সংযোগী পথৰ নাহৰবাৰী গাঁৱৰ মাজৰে বৈ যোৱা নাহৰবাৰী বলানৰ ওপৰত পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰক,দলং নিৰ্মাণৰ ধন আত্মহাৎ কৰা পঞ্চায়ত প্ৰতিনিধিক গ্ৰেপ্তাৰ কৰক,ৰাজ্যৰ অন্যান্য প্ৰান্তৰ প্ৰতিটো জৰাজীৰ্ণ ভগা দলং নিৰ্মাণৰ ব্যৱস্থা কৰক,বিধায়ক অশোক সিংঘাল হায় হায়,সাংসদ পল্লৱ লোচন দাসৰ কাম নাই,অসম চৰকাৰৰ কাম নাই,কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ,নাৰী সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদস্থলীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি বৈশ্যই কেন্দ্ৰীয় তথা ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ কৃষক শ্ৰমিক নেতা বৈশ্যই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, বৰ্তমানৰ মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত সামান্যতমো মিল নোহোৱা হৈছে৷ ৰাজ্যত এতিয়া মিছা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই একাংশ দুৰ্নীতিপৰায়ণ বহিৰাগত লোকক তোষামোদ কৰি ফাঁকিৰ আশ্ৰয় লৈ এখন চৰকাৰ চলিছে৷ বৈশ্যই লগতে কয় যে,যি সময়ত চৰকাৰখনে গ্ৰামাঞ্চলৰ প্ৰতিটো বাটপথৰ লগতে জৰাজীৰ্ণ দলং সমূহ নিৰ্মাণ কৰা হৈছে বুলি মিছা ঢাক-ঢোল বজাই ফুৰিছে তেনে সময়তে ৰাজাবাৰীৰ পৰা উলুবাৰীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱাৰ মধ্যভাগত নাহৰবাৰীত থকা বলানৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা নকৰা কাৰ্যই চৰকাৰৰ বাট-পথৰ লগতে দলং নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰকৃত জীয়া ছবিখন পোহৰলৈ আহিছে৷তেওঁ কয় যে, ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাবাৰীৰ পৰা উলুবাৰীলৈ যোৱা পথটোৰে এলেকাটোৰ কেইবাখনো গাৱঁৰ হেজাৰ হেজাৰ লোকে অহাযোৱা কৰে যদিও আজিলৈকে এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল৷উক্ত স্থানত দলং নিৰ্মাণৰ বাবে তিনিবাৰকৈ ফলক লগালে যদিও দলং নিৰ্মাণ নহল৷বৰ্তমান নাহৰবাৰী বলানৰ ওপৰত বাহৰ সাঁকোৰে ৰাইজে বিপদজনকভাবে যাতায়াত কৰিছে৷ ফলত পথচাৰীয়ে অহাযোৱা কৰাৰ অৱস্থাত উক্ত সাঁকোৰ পৰা পৰি আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈছে বহু পথচাৰী৷কিন্তু ইমানৰ পিচতো আজিলৈকে নাহৰবাৰী বলানৰ ওপৰত পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰা হোৱা নাই বুলি কৃষক শ্ৰমিক নেতা বৈশ্যই আক্ষেপ প্ৰকাশ কৰে৷ নাহৰবাৰীত দলং নিৰ্মাণ কৰাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ জৰাজীৰ্ণ দলং সমূহ শীঘ্ৰে নিৰ্মাণৰ দাবী জনায় বৈশ্যই ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কাৰ্যকৰী সভাপতি জাহেদ আলী উপস্থিত থাকি চৰকাৰৰ কামকাজক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More