দায়িত্ব লৈয়ে একেদিনাই ৮৫ জন বিষয়াক পদোন্নতিৰ ব্যৱস্থা উদ্যোগ মন্ত্রী বিমল বড়াৰ

0 35

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ জুনঃ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সক্ৰিয় হৈ পৰিছে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া। নতুনকৈ উদ্যোগ বিভাগৰ দায়িত্ব পোৱা মন্ত্রী বিমল বড়াই শনিবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তৰ কাৰ্যালয় উপস্থিত হয়। ইয়াৰ পিছতে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয় আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰী বৰাই বিভাগটোৰ দীৰ্ঘদিন ধৰি পদোন্নতিৰ পৰা বঞ্চিত হৈ থকা ৮৫ গৰাকী বিষয়াক পদোন্নতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখ্য যে বিগত প্রায় ২৫ বছৰে বিভাগটোত হোৱা নাছিল বিষয়া-কৰ্মচাৰীৰ পদোন্নতি। মন্ত্ৰী গৰাকীয়ে উদ্যোগ বিভাগৰ মুঠ ৮৫ গৰাকী সম্প্ৰসাৰণ ‍বিষয়াক অধীক্ষক আৰু সহকাৰী প্ৰবন্ধক হিচাপে পদোন্নতি দিয়াৰ বিভাগীয় নিৰ্দেশনাৰ অনুমোদন জনায়। মন কৰিবলগীয়া যে বিভাগটোত এতিয়াও খালী হৈ আছে বহু পদ। বিভাগটোৰ মুঠ ১২০০ পদৰ ভিতৰত কেৱল ৫০০ গৰাকী কৰ্মচাৰীয়েহে দায়িত্বত আছে। সেই অনুসৰি বিভাগৰ মুঠ ৭০০ পদ খালী হৈ আছে। এই পদসমূহত শীঘ্রে নিযুক্তিৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী বৰাই।
উল্লেখ যে উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্রীগৰাকীয়ে বিষয়া কৰ্মচাৰীসকলক বিভাগটোক নতুন সফলতাৰ দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। প্ৰাৰম্ভিক পৰিচয় পৰ্বৰ পাছতে বিভাগটোৰ ঔদ্যোগিক নীতি, AIDC, AIIDC আৰু ASIDCৰ কাৰ্যকলাপ সম্পৰ্কেও তেওঁ বুজ লয়। লগতে বিভাগটোৰ মানৱ সম্পদ, বৰ্তমানৰ সক্ষমতা আৰু খালী পদসমূহ মূল্যায়ন কৰি এক সামগ্ৰিক পৰ্যালোচনা কৰে। আলোচনাকালত বিভাগীয় সচিব এছ লক্ষ্মণন, নীৰা দাওলাগাপু, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিং আৰু অন্যান্য বিষয়াসকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More