দায়িত্ব লৈয়ে পৰিৱহণ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগীয় শীৰ্ষ বিষয়াৰে বৈঠক

কৰ সংগ্ৰহৰ ক্ষেত্ৰত নজৰ ৰাখিবলৈ পৰামৰ্শ

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২০ জুন : ৰাজ্যৰ নৱনিযুক্ত পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰৰ জনতা ভৱনত বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাজ্যৰ পৰিবহন বিভাগৰ সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত অংকুৰ জৈনকে ধৰি বিভাগটোৰ অন্তৰ্গত পৰিবহণ আয়ুক্তালয়, আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ জ্যেষ্ঠ বিষয়াসকলে বিষয়াসকলে অংশগ্ৰহণ কৰা এই বৈঠকত নতুন পৰিবহন মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লোৱাৰ লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰিবহন বিভাগৰ শাখাসমূহৰ আভ্যন্তৰীণ গাঁথনি, ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া তথা নিয়মীয়া কাজ-কাজ আদিৰ বুজ লৈ মন্ত্ৰী মহন্তই বিষয়াসকলক কৰ সংগ্ৰহৰ ক্ষেত্ৰত জনসাধাৰণ যাতে বিশেষ কোনো অসুবিধাত নপৰে, সেই বিষয়ে যথাসম্ভৱ নজৰ ৰাখিবলৈ দিহা দিয়ে। যাত্ৰীৰ নিৰাপত্তাৰ দিশটোক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ লগতে পথ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ দৃষ্টি দিয়াৰো মন্ত্ৰীগৰাকীয়ে পোষকতা কৰে৷ ৰাজ্যখনত পৰিবহন তথা যাতায়াতৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যাবিষয়ক ওজৰ-আপত্তিৰ ক্ষীপ্ৰতাৰে যথোচিত ভাৱে নিৰসনৰ প্ৰয়াস চলাবলৈও বিভাগীয় বিষয়াসকলক বৈঠকত পৰিবহন মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। বৈঠকখনত পৰিবহণ বিভাগৰ সচিব খান, পৰিবহণ আয়ুক্ত জৈনৰ উপৰি পৰিবহন বিভাগৰ অতিৰিক্ত সচিব গৌৰৱ উপাধ্যায়, অসম ৰাজ্যিক পৰিবহণ নিগমৰ সঞ্চালক চিন্ময় ফুকন, পৰিবহন বিভাগৰ যুটীয়া সচিব সুস্মিতা কাকতি, বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস, পৰিবহন উপ আয়ুক্ত ভাস্কৰজ্যোতি দত্ত, সহকাৰী পৰিবহন আয়ুক্ত সিদ্ধাৰ্থ শইকীয়া, জিলা পৰিবহন বিষয়া (মুখ্য আয়ুক্তালয়) দীপাঞ্জলী বৰা আৰু কামৰূপ (মহানগৰ) জিলাৰ পৰিবহণ বিষয়া তাছমিন আফতাৱেও অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More