দিজমুৰ হিন্দু প্ৰাথমিক বিদ্যালয়ত জিলাভিত্তিত বুনিয়াদী সাক্ষাৰতা আৰু সাংখ্যিকতা দিৱস উদযাপন

0 58

ধেমাজি, ২৭ মাৰ্চঃWhatsApp Image 2023 03 27 at 6.57.51 PM 1 e1679926335353 “শিশুৰ শিক্ষাগ্ৰহণত বুনিয়াদী স্তৰটোৰ যথেষ্ট গুৰুত্ব আছে। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা হ’ল- ভাষা শিকনৰ প্ৰধান কৌশলসমূহৰ লগতে দৈনন্দিন জীৱনত গাণিতিক প্ৰয়োগৰ কৌশলসমূহ ছাত্র-ছাত্ৰীয়ে আয়ত্ত কৰা আৰু ব্যৱহাৰিক প্ৰয়োগৰ সামৰ্থ্য লাভ কৰা।এই নিপুণ অসম(FLN) মিছন অনুসৰি ২০২৬-২৭ চনৰ ভিতৰত তৃতীয় শ্ৰেণীলৈকে সকলো ছাত্র-ছাত্ৰীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিকনৰ লক্ষ্যসমূহ আয়ত্ত কৰিব লাগিব আৰু ইয়াৰ বাবে শিক্ষকসকলৰ লগতে আপোনালোক সকলো অভিভাৱকে পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব।”-এই মন্তব্য ধেমাজি জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাৰ।উল্লেখযোগ্য যে সমগ্ৰ শিক্ষা ধেমাজিৰ সৌজন্যত তথা ডিমৌ, উত্তৰ চিমেনমুখ আৰু দীপা সমলকেন্দ্ৰৰ শিক্ষকসকলৰ সহযোগত দিজমুৰ হিন্দু প্ৰাথমিক বিদ্যালয়ত জিলাভিত্তিত অনুষ্ঠিত হোৱা সমগ্ৰ শিক্ষা ধেমাজিৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা দিৱস (FLN)ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰি জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে লগতে কয় যে নিপুণ অসমৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব। নিপুণ অসম দিৱসৰ দিনজোৰা কাৰ্য্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰাৰ পিছতেই ছাত্র-ছাত্ৰী আৰু শিক্ষকৰ দ্বাৰা নিপুণ অসমৰ শীৰ্ষ গীত পৰিৱেশন কৰা হয়।ইয়াৰ পিছত উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ দ্বাৰা নিপুণ অসমৰ সংকল্প গ্ৰহণ কৰা হয়।জিলাভিত্তিত অনুষ্ঠিত কৰা এই দিৱসটোৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক লেনিনজ্যোতি চুংক্ৰাংয়ে।নিপুণ অসম দিৱসৰ লগত সংগতি ৰাখি ছাত্র-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। “ককা আইতাৰ সাধু” শিতানত গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি সদানন্দ চুতীয়া আৰু ৰীণা চুতীয়াই অতি আকৰ্ষণীয় উপস্থাপনেৰে সাধু কথনেৰে উপস্থিত ছাত্র-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয়। অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে “ছবি চাই কথন” শীৰ্ষক অনুষ্ঠানত ভাগ লৈ কথনৰ বিভিন্ন কৌশলসমূহ প্ৰদৰ্শন কৰে।এই অনুষ্ঠানটোত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিৰ গাণনিক বিষয়া পম্পা দেৱনাথ, ধেমাজি জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰৱক্তা জুনিছ পাতিৰ, প্ৰৱক্তা পবিত্ৰ কুমাৰ দাস, নিপুণ অসম(FLN) ৰ জিলা পৰামৰ্শদাতা ৰশ্মি দলে, ধেমাজি শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি কনক গগৈ, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ডম্বৰু দিহিঙীয়া, খণ্ড গাণনিক ৰঞ্জিত কলিতা আদিয়ে উপস্থিত অভিভাৱক, ছাত্র-ছাত্ৰীৰ লগত নিপুণ অসম সম্পৰ্কে বক্তব্য প্ৰদান কৰে।আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাগলীকটা বেংগলী প্ৰাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ডিমৌ চাৰিআলিত এখনি বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে শিক্ষক মহানন্দ খাউণ্ডৰ পৰিচালনাৰে FLN day নামেৰে এখনি নাটিকা শিক্ষক-অভিভাৱকসকলে পৰিৱেশন কৰে। বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক বিনোৱা শ‌ইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক গুণবিকাশ পেগু আৰু দেৱজিৎ ভূঞাই। অনুষ্ঠানটোৰ সফল ৰূপায়নত সকলোপ্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱা ডিমৌ,উত্তৰ চিমেনমুখ আৰু দীপা সমল কেন্দ্ৰৰ শিক্ষকসকলক অনুষ্ঠানৰ শেষত দিজমুৰ হিন্দু প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষক দেৱজিৎ চুতীয়াই শলাগৰ শৰাই আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More