দিব্যাংগসকলৰ বাবে থকা আঁচনিসমূহ নিয়াৰিকৈ ৰূপায়ণৰ নিৰ্দেশ মন্ত্রীৰ

0 15
সামাজিক ন্যায় আৰু সবলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই। অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জলপানি তথা আন সুবিধাসমূহৰ বিষয়ে বুজ ল’লে মন্ত্রীগৰাকীয়ে। ৰাষ্ট্ৰীয় লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীলৈ বিশেষ সহযোগিতা আগবঢ়াব চৰকাৰে।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ অসম চৰকাৰৰ তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ প্ৰদান কৰা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্ব গ্ৰহণ কৰি আজি বিভাগীয় বিষয়াসকলৰ পৰা বিভাগটোৰ বিভিন্ন কাম কাজৰ বুজ লয়। জনতা ভৱনস্থিত নিজা কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত বিভাগীয় সচিব তথা সঞ্চালকৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকাই দিব্যাংগসকলৰ বাবে থকা চৰকাৰী আচঁনি তথা আন সুবিধাসমূহৰ বিষয়ে বুজ লৈ এই সুবিধাসমূহৰ উপযুক্ত তদাৰকৰ বাবে ব্যৱস্থা লবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। উল্লেখ যে অসম চৰকাৰৰ অধীনত ইতিমধ্যেই কেইবাটাও স্থানত দিব্যাংগসকলৰ বাবে বিদ্যালয় আদি থকাৰ উপৰি ৰাজ্যখনৰ তিনিটা স্থানত বৃদ্ধাশ্ৰম আছে। এই বিদ্যালয় তথা বৃদ্ধাশ্ৰমসমূহ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখি সুপৰিচালনা কৰিবৰ বাবে বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। বিষয়াসকলক উদ্দেশ্যি তেওঁ কয় যে আমাৰ অনুষ্ঠান এটা পৰিষ্কাৰকৈ ৰাখিবলৈ বিশেষ পুঁজিৰ দৰকাৰ নপৰে, মাথো আমাৰ বিষয়া কৰ্মচাৰীসকলে মন কৰিলেই এই কাম কৰিব পাৰে। আজিৰ বৈঠকতে মন্ত্ৰী হাজৰিকাই অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা চৰকাৰী সুবিধাসমূহৰো বুজ লয়। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে থকা জলপানিৰ বিষয়ে বুজ লৈ এই ক্ষেত্ৰত পাবলগীয়া কোনো লোকেই যাতে জলপানিৰ পৰা বঞ্চিত হ’ব লগা নহয় তাৰ বাবে বিষয়ে চকু দিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। আনহাতে জলপানিৰ বাবে অনলাইন পঞ্জীয়ন কৰিবলৈ অসুবিধা পোৱা ছাত্ৰ ছাত্ৰীসকলক জলপানিৰ আচঁনিত অন্তৰ্ভুক্ত কৰিবলৈ বিভাগীয় ভাৱে ব্যৱস্থা গ্ৰহণ কৰি প্ৰয়োজন সাপেক্ষে অনলাইন পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ পৰা অতি কম সংখ্যকেহে সফলতা লাভ কৰাৰ বিষয়ত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে। উল্লেখ যে লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অনুসূচীত জাতি আৰু আন পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে মূল পৰীক্ষালৈ প্ৰস্তুতি চলাবলৈ অসম চৰকাৰৰ ফালৰ পৰা বিশেষ জলপানিৰ ব্যৱস্থা আছে। আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰয়োজন সাপেক্ষে এই জলপানিৰ পৰিমাণ বৃদ্ধি কৰি প্ৰাৰ্থীসকলৰ বাবে উপযুক্ত প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিব পৰাকৈ নীতি প্ৰস্তুত কৰিবলৈও বিভাগীয় বিষাসকলক নিৰ্দেশ দিয়ে। অতি সোনকালেই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সকলো কাম আৰু দিশৰ ওপৰত এক বিশেষ পৰ্যালোচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More