দিল্লীত ইন্টাৰপলৰ সভাত উন্মোচন ১০০ টকাৰ মুদ্ৰা

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ অক্টোবৰ : মঙলবাৰ, ১৮ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্টাৰপ’লৰ সাধাৰণ পৰিষদৰ ৯০ সংখ্যক বাৰ্ষিক বৈঠকৰ স্মৃতিত এটা স্মৃতি ডাক টিকট আৰু ১০০ টকাৰ মুদ্ৰা মুকলি কৰিছে। পিছলৈ উদ্বোধনী ভাষণত তেওঁ কয় যে বিশ্বব্যাপী ভাবুকি কেতিয়াও স্থানীয় হ’ব নোৱাৰে। ১৮ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব এই বৈঠক। বৈঠকত মুঠ ১৯৫খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে বিভিন্ন দেশৰ মন্ত্ৰী, আৰক্ষী বিভাগৰ মুৰব্বী, তদন্তকাৰী সংস্থাৰ মুৰব্বী আৰু উচ্চপদস্থ আৰক্ষী বিষয়া। আজিৰ দিনটোতে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয়— “২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছে। আমাৰ জনসাধাৰণ, সংস্কৃতি আৰু কৃতিত্বৰ উদযাপন। ২০২৩ চনত ইণ্টাৰপ’লৰ প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ল। বাধাৰ পৰা শিকিব লাগিব। বিজয় উদযাপন কৰিব লাগিব আৰু তাৰ পিছত আশাবাদেৰে ভৱিষ্যতলৈ চাব লাগিব। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানলৈ বীৰ পুৰুষ-মহিলা পঠোৱাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ। আনকি আমি স্বাধীনতা লাভ কৰাৰ আগতেই আমি পৃথিৱীত শান্তিৰ বাবে নিজকে ত্যাগ কৰিছিলোঁ। জলবায়ুৰ লক্ষ্যৰ পৰা আৰম্ভ কৰি ক’ভিড ভেকচিনলৈকে ভাৰতে যিকোনো সংকটৰ ক্ষেত্ৰত নেতৃত্ব দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।” ইন্টাৰপ’লৰ সৰ্বোচ্চ শাসকীয় সংস্থা হৈছে সাধাৰণ পৰিষদ। ইণ্টাৰপ’লৰ কাম-কাজৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰতি বছৰে এই বৈঠক অনুষ্ঠিত কৰা হয়। ইয়াৰ পূৰ্বে ১৯৯৭ চনত এই পৰিষদৰ বাৰ্ষিক বৈঠক শেষবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হৈছিল। নতুন দিল্লীয়ে ২০২২ চনত এই বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনাই আহিছিল। অধিকাংশ দেশেই দিল্লীৰ এই দাবীক সমৰ্থন কৰিছিল। বিভিন্ন দেশৰ আইন প্ৰয়োগকাৰী বিষয়াৰ সৈতে ইণ্টাৰপ’লৰ সভাপতি আহমেদ নাছেৰ আল ৰাইছি আৰু মহাসচিব জুৰ্গেন ষ্টকে এই বৈঠকত যোগদান কৰিছে। ভাৰতৰ হৈ যোগদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু চি বি আইৰ সঞ্চালকে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, এই অনুষ্ঠান ভাৰতৰ উন্নত আইন-শৃংখলা ব্যৱস্থা সমগ্ৰ বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাৰ এক সুন্দৰ সুযোগ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More