দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত পুনৰ গঠন তিনিচুকীয়া পৌৰসভা

নিকা ভাৱমূৰ্তিৰ পৌৰপতি জয়ন্ত বৰুৱাই তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ কথা মতে উঠা বহা নকৰিছিল

0 36

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ফেব্ৰুৱাৰী : দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত আজি ৪৮ দিনৰ মূৰত পুনৰ গঠন হ’ল তিনিচুকীয়া পৌৰসভা ৷ উল্লেখ্য যে বিগত বৰ্ষৰ এপ্ৰিল মাহত জয়ন্ত বৰুৱাক পৌৰপতি আৰু নৱনীতা আগৰৱালক উপ-পৌৰপতি হিচাপে লৈ গঠিত হৈছিল তিনিচুকীয়া পৌৰসভা ৷ কিন্তু দিন বাগৰাৰ ল’গে ল’গে ৰাজনৈতিক হস্তক্ষেপ আৰু ক্ষমতাকেন্দ্ৰিক যুঁজত পৌৰসভাৰ কামকাজ স্থবিৰ হৈ পৰে ৷ নিকা ভাৱমূৰ্তিৰ পৌৰপতি জয়ন্ত বৰুৱাই তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ কথামতে উঠা বহা নকৰাৰ বাবেই তেওঁক আঁতৰাই নিজৰ পচন্দৰ মানুহক পৌৰপতিৰ চকীত বহুৱাৰ বাবে মন্ত্ৰী কিষাণৰ নেতৃত্বতে পৌৰসভাৰ ভিতৰ চৰাত আৰম্ভ হয় ৰাজনৈতিক ষড়যন্ত্ৰ ৷ পৰিস্থিতি ক্ৰমে জটিল হৈ পৰাত বিজেপিৰ ৰাজ্যিক সমিতিৰ হস্তক্ষেপত পৌৰপতি জয়ন্ত বৰুৱা আৰু উপ-পৌৰপতি নৱনীতা আগৰৱালাই পদত্যাগ কৰাৰ পাছত দীৰ্ঘদিন একপ্ৰকাৰে অচল হৈ আছিল তিনিচুকীয়া পৌৰসভা ৷ অৱশেষত তিনিচুকীয়াৰ নৱনিযুক্ত উপায়ুক্ত স্বপ্নীল পালৰ জাননীমৰ্মে আজি অনুষ্ঠিত সভাত পবিত্ৰ গগৈ পৌৰপতি আৰু ইন্দ্ৰানী ৰয় উপ-পৌৰপতিৰূপে নিৰ্বাচিত হয় ৷ উল্লেখ্য, তিনিচুকীয়া পৌৰসভাৰ সদস্যৰ সংখ্যা ১৫ জন ৷ পদেন সদস্য সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণক ধৰি মুঠ ভোট আছিল ১৭ টা ৷ কিন্তু পূৰ্বৰ পৌৰপতি জয়ন্ত বৰুৱা অনুপস্থিত থকাৰ লগতে আজিৰ সভাখন সঞ্চালনা কৰা ৱাৰ্ড সদস্য প্ৰদীপ দাসে ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত থকাত মুঠ ভোটৰ সংখ্যা হয় ১৫ টা ৷ পৌৰপতি আসনৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দুই ৱাৰ্ড সদস্যৰ ভিতৰত পবিত্ৰ গগৈয়ে ৮ টা আৰু পুলক চেতিয়াই ৭ টা ভোট লাভ কৰে ৷ পৌৰপতিৰূপে নিৰ্বাচিত হয় পবিত্ৰ গগৈ ৷ আনহাতে উপ-পৌৰপতি পদৰ বিপৰীতে ইন্দ্ৰানী ৰয়, নৱনীতা আগৰৱালা আৰু বাবুল সেনে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও পৰৱৰ্তী সময়ত সেনে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে ৷ আনহাতে আজি নৱনীতা আগৰৱালাই ৬ টা ভোট লাভ কৰাৰ বিপৰীতে ইন্দ্ৰানী ৰয়ে ৯ টা ভোট লাভ কৰি উপ-পৌৰপতি হিচাপে নিৰ্বাচিত হয় ৷ উপায়ুক্তই নৱনিৰ্বাচিত পৌৰপতি আৰু উপ-পৌৰপতিক শপতবাক্য পাঠ কৰোৱায় ৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কিষাণ, পৌৰসভাৰ কাৰ্যবাহী বিষয়া মনজিৎ দলে, অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাছ হক উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More