দীৰ্ঘ মিত্ৰতাৰ অন্ত ! ৰাছিয়াৰ বিৰুদ্ধে ভাৰতৰ ভোট

0 40

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ আগষ্ট : শেহতীয়াকৈ পৰিস্থিতিলৈ চাই ৰাছিয়াৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া মিত্ৰতা শেষ হোৱাটো স্বাভাৱিক যেন লাগিছে। কাৰণ ৰাষ্ট্ৰসংঘত ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউক্ৰেইন বিষয়ক লৈ ভাৰতে প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰে। ২৪ আগষ্ট বুধবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ভিডিঅ’ টেলিকনফাৰেন্সত যোগদান কৰিবনে নাই সেই সন্দৰ্ভত বিতৰ্ক চলিছিল। ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ প্ৰতিনিধিয়ে জেলেনস্কিৰ এই বৈঠকত উপস্থিত থকাৰ বিৰোধিতা কৰে। তাৰ পিছত বিষয়টো সমাধানৰ বাবে ‘প্ৰক্ৰিয়াগত ভোট’ অনুষ্ঠিত কৰা হয়। সেই ভোটত ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিয়ে। ইউক্ৰেইনৰ বিষয়ত ভাৰতে প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিছে। ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল। ৬ মাহৰ পাছতো যুদ্ধ বন্ধ হোৱা নাই। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ বিষয়টো যোৱা ৬ মাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বিভিন্ন সময়ত চৰ্চিত হৈ আহিছে। নিৰাপত্তা পৰিষদেও এই বিষয়ত ভোটদান কৰিছে। কিন্তু বেছিভাগ ক্ষেত্ৰতে ভাৰতে এতিয়ালৈকে সেই ভোটৰ পৰা বিৰত আছিল। ইউক্ৰেইনত আক্ৰমণৰ পিছৰে পৰা আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া বিশ্বই ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। যদিও ভাৰতে সেই গোটত নিজকে নিক্ষেপ কৰা নাছিল। আমেৰিকান দলৰ ভিৰৰ মাজত ভাৰতীয় কূটনীতিবিদসকলে নিজৰ পুৰণি বন্ধুক ঠেলি দিয়া নাছিল। বৰং ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল। আমেৰিকাৰ নিষেধাজ্ঞাৰ পিছতো ভাৰতে ক্ৰয় কৰে ৰাছিয়াৰ পৰা ইন্ধন। ইয়াৰ উপৰি ইউক্ৰেইনলৈয়ো সহায় আগবঢ়ায়। কিন্তু ৰাষ্ট্ৰসংঘত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক টেলিকনফাৰেন্সৰ জৰিয়তে নিৰাপত্তা পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ প্ৰতিনিধিয়ে ইয়াৰ বিৰোধিতা কৰিছিল। তেতিয়াই বিষয়টোত ভোটদানৰ প্ৰস্তাৱ দিয়া হৈছিল। নিৰাপত্তা পৰিষদৰ ১৫ গৰাকী সদস্যৰ ভিতৰত ১৩ গৰাকীয়ে ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰে। যাৰ ভিতৰত ভাৰতো অন্তৰ্ভুক্ত। ১৫ গৰাকী সদস্যৰ ভিতৰত চীন অৱশ্যে ভোটদানৰ পৰা বিৰত থাকে। যুদ্ধৰ প্ৰেক্ষাপটত জেলেনেস্কিয়ে কয়— “যদি ৰাছিয়াই বন্ধ নকৰে তেন্তে ৰাছিয়াৰ হত্যাকাৰীয়ে আন দেশকো আক্ৰমণ কৰিব। ইউক্ৰেইনৰ সীমাৰ ভিতৰতে বিশ্বৰ ভৱিষ্যত নিহিত হৈ আছে। আমাৰ স্বাধীনতা আনৰ নিৰাপত্তা।” প্ৰসংগক্ৰমে ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়। ভাৰতে দুবছৰৰ বাবে সদস্যপদ পালে। অহা ডিচেম্বৰ মাহত ইয়াৰ ম্যাদ উকলি যাব। ইউক্ৰেইন-ইছ্যুটোৰ ওপৰত ৰাছিয়াই ভৱিষ্যতে ৰাছিয়াৰ বিৰুদ্ধে দিয়া ভোটক কেনেদৰে ল’ব আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ সৈতে কেনেদৰে মোকাবিলা কৰিব সেয়া এতিয়া লক্ষণীয় হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More